May 21, 2025 7:10 PM

views 26

অভিনেত্ৰী চুমি বৰাৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অনলাইন ট্রেডিঙৰ নামত বিত্তীয় অনিয়মত লিপ্ত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী চুমি বৰাৰ জামিন আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে। ডিব্ৰুগড়ৰ বৰবৰুৱা থানাত ৰুজু হৈ থকা গোচৰত অভিনেত্ৰীগৰাকীয়ে জামিন লাভ কৰে। প্ৰায় ৮ মাহ ধৰি অভিনেত্ৰীগৰাকী কাৰাগাৰত আছিল। অৱশ্যে জামিন লাভ কৰিলেও কাইলৈহে চুমি বৰাই কাৰাগাৰৰ পৰা মুকলি হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে অনুৰূপ গোচৰত অভিযুক্ত বিশাল ফুকন আৰু তার্কিক বৰাই ইতিপূৰ্বে জামিন লাভ কৰিছে।

May 1, 2025 7:02 PM

views 29

অনলাইন ট্রেডিঙ বিত্তীয় অনিয়মৰ গোচৰত অভিযুক্ত বিশাল ফুকন আৰু তপন বৰাৰ জামিন মঞ্জুৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে অনলাইন ট্রেডিঙক লৈ বিত্তীয় অনিয়মত লিপ্ত হোৱাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দুগৰাকী অভিযুক্ত বিশাল ফুকন আৰু তপন বৰা ওৰফে তার্কিক বৰাৰ জামিন মঞ্জুৰ কৰিছে। ডিব্ৰুগড় জিলাৰ বৰবৰুৱা থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পার্থিব জ্যোতি শ‍ইকীয়াৰ বিচাৰপীঠে অভিযুক্ত দুজনৰ জামিন মঞ্জুৰ কৰে। দুয়োগৰাকী অভিযুক্ত কাইলৈ কাৰাগাৰৰ পৰা মুকলি হোৱাৰ সম্ভাৱনা আছে। ইপিনে, অনলাইন ট্রেডিঙক লৈ হোৱা বিত্তীয় অনিয়মৰ আন এগৰাকী অভিযুক্ত চুমি বৰাক বৰবৰুৱা থানাত ৰুজু হোৱা গোচৰত এ...

February 17, 2025 8:04 PM

views 28

বিশাল ফুকন, চুমি বৰা আৰু তার্কিক বৰাৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে অনলাইন বিত্তীয় অনিয়মৰ গোচৰত তিনিজন অভিযুক্তৰ জামিন নাকচ কৰিছে ৷ ডিব্ৰুগড় জিলাৰ বৰবৰুৱা থানাত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰবীন ফুকনৰ বিচাৰপীঠে বিশাল ফুকন, চুমি বৰা আৰু তেওঁৰ স্বামী তার্কিক বৰাৰ জামিন নাকচ কৰে। উল্লেখযোগ্য যে ট্রেডিং অর্থাৎ অনলাইন বিত্তীয় লেনদেনত অনিয়মৰ গোচৰত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই পূর্বে এই তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ত আটাইকেইজনে জামিন লাভ কৰিছিল যদিও বৰবৰুৱা থানাত ৰুজু হৈ ...

September 17, 2024 7:50 PM

views 21

অবৈধ অনলাইন ট্রেডিং গোচৰত গ্ৰেপ্তাৰ হোৱা চুমি বৰাক ন্যায়িক জিম্মালৈ প্ৰেৰণ

অবৈধ অনলাইন ট্রেডিং গোচৰত গ্ৰেপ্তাৰ হোৱা চুমি বৰাৰ পাঁচদিনীয়া আৰক্ষী জিন্মাৰ ম্যাদ আজি অন্ত পৰাৰ পাছত ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতে আজি আন এজন অভিযুক্ত অম্লানৰ সৈতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। অভিযুক্ত কেইগৰাকীয়ে প্ৰথমে আৰক্ষীৰ তদন্তত সহযোগ কৰা নাছিল যদিও পাছলৈ সহযোগ কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

September 13, 2024 5:35 PM

views 27

অনলাইন ট্রেডিং কেলেংকাৰী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ তত্বাৱধানত চি বি আইৰ তদন্ত দাবী বিৰোধী ঐক্য মঞ্চৰ

ৰাজ্যৰ বিৰোধী ঐক্যমঞ্চই অনলাইন ট্রেডিং কেলেংকাৰী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ তত্বাৱধানত চি বি আইৰ তদন্ত দাবী কৰিছে। আজি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত বিৰোধী ঐক্যমঞ্চৰ নেতা লুণিজ্যোতি গগৈ, অজিত ভূঞা আৰু ৰকিবুল হুছেইনে এই দাবী উত্থাপন কৰে। নেতাকেইগৰাকীয়ে এই কেলেংকাৰীৰ অভিযোগত জড়িত থকা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে সাধাৰণ ৰাইজে যাতে ধন ওভোতাই পায়, তাৰ বাবে প্রয়োজনীয় ব্যৱস্থা কৰিবলৈও দাবী জনাইছে। এই গোচৰত অভিযুক্তসকলক চৰকাৰে আতিথ্য প্ৰদান কৰা বুলিও তেওঁল...

September 12, 2024 1:22 PM

views 33

অললাইন ট্রেডিং গোচৰৰ অভিযুক্ত চুমি বৰাৰ যোৱানিশা ডিব্ৰুগড় আৰক্ষীৰ সন্মুখত আত্ম-সমৰ্পন

অললাইন ট্রেডিং গোচৰৰ অভিযুক্ত চুমি বৰাই যোৱানিশা ডিব্ৰুগড় আৰক্ষীৰ সন্মুখত আত্ম-সমৰ্পন কৰে। ভুৱা ট্রেডিঙৰ নামত কোটি কোটি টকা লুণ্ঠন কৰাৰ অভিযোগত বিশাল ফুকনক গ্ৰেপ্তাৰৰ পাছৰেপৰা চুমি বৰা পলাতক অৱস্থাত আছিল। আত্মসমৰ্পনৰ পাছতে এছ টি এফে চুমিক জিম্মাত লয়।