October 18, 2024 8:11 PM

views 25

প্ৰথমবাৰৰ বাবে প্ৰাৰ্থীলৈ অনলাইন মনোনয়ন দাখিলৰ সুবিধা প্ৰদান নির্বাচন আয়োগৰ

নির্বাচন আয়োগে প্ৰথমবাৰৰ বাবে প্ৰাৰ্থীৰ বাবে অনলাইন মনোনয়ন দাখিলৰ সুবিধা প্ৰদান কৰিছে। ঝাৰখণ্ডৰ মুখ্য নির্বাচনী বিষয়া কে ৰবি কুমাৰে কয় যে মনোনয়ন প্রপত্র subidha.gov.in পোৰ্টেলত উপলব্ধ। একাউণ্ট প্রস্তুত কৰি প্ৰাৰ্থীসকলে মনোনয়ন প্ৰপত্ৰ পূৰণ কৰিব পাৰিব। ইয়াৰ লগতে প্ৰাৰ্থীসকলে শপতনামা অনলাইনতো পূৰণ কৰিব পাৰিব। প্ৰপত্ৰ পূৰণৰ পাছত প্ৰিণ্ট আউট কৰি ইয়াক ৰিটাৰ্ণিং বিষয়া ওচৰত মনোনয়নৰ সৈতে দাখিল কৰিব পাৰিব।