October 17, 2025 7:34 PM

views 23

ষষ্ঠ গোলাপ শইকীয়া সোঁৱৰণী অনলাইন বাতৰি পঢ়া প্রতিযোগিতাৰ ফলাফল ঘোষণা

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আয়োজন কৰা ষষ্ঠ গোলাপ শইকীয়া সোঁৱৰণী অনলাইন বাতৰি পঢ়া প্রতিযোগিতাত নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী নিষ্ঠা বৰগোহাঁইয়ে প্রথম স্থান অধিকাৰ কৰিছে। গহপুৰৰ নিউ স্কলাৰ্ছ একাডেমীৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী দিব্যা আত্রেয়ই দ্বিতীয় স্থান, যোৰহাটৰ মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী অন্বেষা ফুকন আৰু গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ ৰোহিত গাঁওখোৱাই যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্রত হ'বলগীয়া পুৰস্কাৰ...