March 24, 2025 9:11 PM
7
পিঁয়াজ ৰপ্তানিত ২০ শতাংশ শুল্ক প্রত্যাহাৰ কেন্দ্ৰীয় চৰকাৰৰ
কেন্দ্ৰীয় চৰকাৰে পিঁয়াজ ৰপ্তানিৰ ওপৰত ২০ শতাংশ শুল্ক প্রত্যাহাৰ কৰা বুলি কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীচৌহানে কয়, যে এই সিদ্ধান্তৰ ফলত কৃষকসকলৰ কষ্টোপার্জিত সামগ্ৰীবিধে শুল্কবিহীনভাৱে বিশ্বৰ বজাৰলৈ প্ৰসাৰ লাভ কৰিব আৰু ইয়াৰ জৰিয়তে তেওঁলোক অধিক লাভান্বিত হ'ব। তেওঁ লগতে নৰেন্দ্ৰ মোদী চৰকাৰক কৃষকৰ বন্ধুৰূপে অভিহিত কৰি এই চৰকাৰে কৃষকসকলক উপযুক্ত মূল্য প্ৰদানত অগ্ৰাধিকাৰ দিয়া বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে, ঘৰুৱা বজাৰ...