July 11, 2025 3:00 PM

views 32

সংসদ ভৱনত এখন দেশ এটা নির্বাচন সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিৰ বৈঠক

সংসদ ভৱনত এখন দেশ এটা নির্বাচন সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিৰ বৈঠক অনুষ্ঠিত হৈছে। ৩৯ জনীয়া সদস্যে গঠিত এই সমিতিখনত লোকসভাৰ ২৭ গৰাকী আৰু ১২ গৰাকী সদস্য আছে। সংবিধানৰ ১২৯ সংখ্যক সংশোধনী আইন২০২৪ আৰু স্বায়ত্ব শাসিত সংশোধনী আইন ২০২৪ ৰ ব্যপক পৰীক্ষণৰ বাবে এই বৈঠক অনুষ্ঠিত হয়। দেশত একে সময়তে লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সংসদৰ এই যুটীয়া বৈঠকে আলোচনা অনুষ্ঠিত কৰি আহিছে। বিজেপিৰ সাংসদ পি পি চৌধাৰীৰ নেতৃত্বত গঠিত পেনেলত আইন বিশেষজ্ঞৰ সহায়ত পৰামৰ্শ গ্ৰহণ কৰা হৈছে। এই বৈঠকতে উচ্চতম...

April 23, 2025 8:26 PM

views 45

এখন ৰাষ্ট্ৰ, এটা নিৰ্বাচনক সময়ৰ আহ্বানঃ শিৱৰাজ সিং চৌহান

এখন ৰাষ্ট্ৰ, এটা নিৰ্বাচনক সময়ৰ আহ্বান বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্তব্য কৰিছে। আজি নতুন দিল্লীত এখন ৰাষ্ট্ৰ, এটা নির্বাচন শীর্ষক ছাত্ৰ সন্মিলনৰ ভাষনত মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। তেওঁ কয় যে, লোকসভা আৰু বিধান সভাৰ পৃথক পৃথক নির্বাচনে দেশৰ উন্নয়নত বাধা দিছে। দেশৰ নাগৰিকসকলে নিৰ্বাচনৰ ঘনত্ব বিবেচনা কৰা উচিত, কাৰণ নিৰ্বাচনত তেওঁলোকৰ মূল্যৱান সময় আৰু প্ৰচুৰ অৰ্থৰ ব্যয় হয় বুলিও মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। শ্রী চৌহানে যুক্তি আগবঢ়াইছে যে পৃথকে পৃথকে ...

April 22, 2025 2:58 PM

views 39

এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন সন্দৰ্ভত সংসদৰ যুটীয়া সমিতিৰ বৈঠক অনুষ্ঠিত

এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন সন্দৰ্ভত আজি সংসদৰ যুটীয়া সমিতিৰ এখন বৈঠক অনুষ্ঠিত হৈছে। ৰাজ্যসভাৰ ১২ গৰাকী সদস্য আৰু লোকসভাৰ ২৭ গৰাকী সদস্যৰে ৩৯ জনীয়া এই সমিতিখন গঠন কৰা হৈছে। এই বৈঠকৰ প্ৰথম সত্ৰত আইন আয়োগৰ অধ্যক্ষ আৰু উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ড° বি এছ চৌহান তথা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ হেমন্ত গুপ্তাৰ সৈতে আলোচনা অনুষ্ঠিত হ'ব। যুটীয়া আয়োগৰ অধ্যক্ষ পি পি চৌধুৰীয়ে নতুন দিল্লীত সংবাদমাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কয়, যে এখন ৰাষ্ট্ৰ এটা নিৰ্বাচনৰ জৰিয়তে দেশৰ অৰ্থনীতি উপ...

January 8, 2025 8:36 PM

views 25

এখন ৰাষ্ট্ৰ এটা নিৰ্বাচনৰ সৈতে জড়িত দুখন বিধেয়ক সন্দৰ্ভত নতুন দিল্লীত যুটীয়া সংসদীয় সমিতিৰ প্রথমখন বৈঠক অনুষ্ঠিত

এখন ৰাষ্ট্ৰ এটা নিৰ্বাচনৰ সৈতে জড়িত দুখন বিধেয়ক সন্দৰ্ভত আজি নতুন দিল্লীত যুটীয়া সংসদীয় সমিতিৰ প্রথমখন বৈঠক অনুষ্ঠিত হয়। এই বিধেয়ক দুখন হৈছে-১২৯ সংখ্যক সংবিধান সংশোধনী বিধেয়ক ২০২৪ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক ২০২৪। বৈঠকত আইন আৰু ন্যায় মন্ত্ৰালয়ৰ বিধায়িনী বিভাগৰ প্রতিনিধিসকলে সদস্যসকলে প্ৰস্তাৱিত বিধেয়ক দুখনৰ বিভিন্ন দিশসমূহৰ বিষয়ে অৱগত কৰে। বৈঠকৰ পূৰ্বে যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ বিজেপিৰ সাংসদ পি পি চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, যে এই সমিতিয়ে আইন বিশেষজ্ঞ, ন...

December 19, 2024 5:07 PM

views 36

কেন্দ্ৰীয় চৰকাৰে এখন দেশ এটা নির্বাচন সম্পর্কীয় বিধেয়ক দুখন ৩১ জন সাংসদৰে গঠিত যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিব

কেন্দ্ৰীয় চৰকাৰে এখন দেশ এটা নির্বাচন সম্পর্কীয় বিধেয়ক দুখন ৩১ জন সাংসদৰে গঠিত যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিব৷ এই প্ৰস্তাৱিত সমিতিত ২১ জন লোকসভাৰ সদস্য আৰু ১০ জন ৰাজ্যসভাৰ সদস্য থাকিব৷ এই সাংসদসকলৰ ভিতৰত বিজেপি নেতা পি পি চৌধুৰী, অনুৰাগ সিং ঠাকুৰ, পৰশোত্তমভাই ৰূপালা, কংগ্ৰেছ নেতা প্ৰিয়ংকা গান্ধী আৰু মনীষ তিৱাৰী, টি এম চিৰ কল্যাণ বেনাৰ্জী আৰু এন চি পি (এছ পি)ৰ সুপ্রিয়া ছুলেও আছে। এই বিধেয়কদুখনৰ নাম আনুষ্ঠানিকভাৱে সংবিধানৰ এশ উনত্ৰিছ সংখ্যক সংশোধনী বিধেয়ক, ২০২৪ হিচাপে ৰখা হৈছে৷

December 19, 2024 12:11 PM

views 56

এক দেশ, এক নির্বাচন বিধেয়কক লৈ যুটীয়া সংসদীয় সমিতি গঠনৰ কথা ঘোষণা চৰকাৰৰ

এক দেশ, এক নির্বাচন বিধেয়কক লৈ চৰকাৰে কালি ৩১ জন সাংসদৰে যুটীয়া সংসদীয় সমিতি গঠনৰ কথা ঘোষণা কৰে। প্ৰস্তাৱিত সমিতিখনত লোকসভাৰ ২১ জন আৰু ৰাজ্যসভাৰ ১০ জন সদস্য থাকিব। সমিতিৰ সদস্যসকলৰ ভিতৰত বিজেপি নেতা পি পি চৌধুৰী, অনুৰাগ সিং ঠাকুৰ, আৰু পুৰুষোত্তম ভাইৰূপালা, কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধী আৰু মনীষ তিৱাৰী, তৃণমূল কংগ্ৰেছৰ কল্যাণ বেনাৰ্জী, এন চি পি সাৰদ পাৱাৰ গোটৰ সুপ্রিয়া সুলে অন্যতম। বিধেয়ক কেইখনক সংবিধান (১২৯ সংখ্যক সংশোধনী) বিধেয়ক ২০২৪ আৰু কেন্দ্ৰীয় শাসিত প্রদেশ আইন (সংশোধনী) বিধেয়ক ২০২৪ হিচা...

December 18, 2024 10:27 AM

views 32

এখন দেশ এটা নির্বাচন সম্পর্কীয় বিধেয়ক ২ খন বিস্তৃত আলোচনাৰ বাবে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণৰ সিদ্ধান্ত কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰে এখন দেশ এটা নির্বাচন সম্পর্কীয় বিধেয়ক দুখন বিস্তৃত আলোচনাৰ বাবে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি লোকসভাত কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই বিধেয়কখন যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিব লাগে বুলি পৰামৰ্শ দিয়াৰ লগতে ইয়াৰ প্ৰতিটো দফা সন্দৰ্ভত বিতং আলোচনাৰ পোষকতা কৰিছিল। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুনৰাম মেঘৱালে দেশত একেলগে নির্বাচন অনুষ্ঠিত কৰিবলৈ সংবিধানৰ এশ উনত্রিশ ন ম্বৰ সংশোধনী বিধেয়ক, ২০২৪ আৰু কেন্দ্ৰীয়...

December 17, 2024 7:58 PM

views 20

লোকসভাত আজি এখন ৰাষ্ট্ৰ, এটা নির্বাচন বিষয়ক বিধেয়ক উত্থাপন

এখন ৰাষ্ট্র-এটা নির্বাচন ব্যৱস্থা সম্পৰ্কীয় বিধেয়ক দুখন আজি লোকসভাত উত্থাপন কৰা হয়। আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সংবিধানৰ ১২৯ সংখ্যক সংশোধনী বিধেয়ক-২০২৪ আৰু কেন্দ্ৰীয়শাসিত অঞ্চল বিধি- ২০২৪ সদনত উত্থাপন কৰাৰ সময়ত বিৰোধী পক্ষৰ সাংসদসকলে ভোট বিভাজনৰ দাবী উত্থাপন কৰে। ২৬৯ গৰাকী সদস্যই বিধেয়ক দুখনৰ উত্থাপনৰ সপক্ষে আৰু ১৯৮ গৰাকী সদস্যই বিপক্ষে ভোটদান কৰে। কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টী, ডি এম কে, শিৱসেনাৰ উদ্ধৱ থাকৰে গোট, চি পি আই এম আৰু অন্য দলসমূহে বিধেয়ক দুখন উত্থাপনৰ বিৰোধিতা ক...

December 15, 2024 11:23 AM

views 26

লোকসভাত সোমবাৰে উত্থাপিত হ’ব এখন দেশ, এটা নির্বাচন সন্দৰ্ভত দুখন বিধেয়ক

লোকসভাত কাইলৈ এখন দেশ, এটা নির্বাচন সন্দৰ্ভত দুখন বিধেয়ক উত্থাপন কৰা হ'ব। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ১২৯ সংখ্যক সংবিধান সংশোধনী বিধেয়ক আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক নিম্ন সদনত উত্থাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত দেশত লোকসভা আৰু বিধানসভাৰ নির্বাচন একেলগে অনুষ্ঠিত কৰাৰ বাবে সংবিধান সংশোধনী বিধেয়কৰ প্ৰস্তাৱত অনুমোদন দিয়ে। প্রাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত গঠন হোৱা উচ্চ পৰ্যায়ৰ...

October 6, 2024 11:29 AM

views 27

বিকশিত ভাৰতৰ অবিৰত যাত্ৰাত এখন দেশ এটা নির্বাচন নীতি গ্রহণ কৰিলে আমাৰ দেশ লাভৱান হ’বঃ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে

এখন দেশ এটা নিৰ্বাচনৰ উচ্চ পৰ্যায়ৰ সমিতিৰ নেতৃত্ব দিয়া প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কৈছে যে, দেশে বিকশিত ভাৰতৰ অবিৰত যাত্ৰাত এখন দেশ এটা নির্বাচন নীতি গ্রহণ কৰিলে লাভৱান হ'ব। নতুন দিল্লীত ৩০ সংখ্যক লাল বাহাদুৰ শাস্ত্রী স্মৃতিচাৰণ বক্তৃতা প্ৰদান কৰি প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে এই মন্তব্য কৰে। শ্ৰীকোবিন্দে লগতে কয় যে উন্নত শাসন ব্যৱস্থা, নীতিৰ স্থিতিশীলতা, সামাজিক একতা, অৰ্থনৈতিক বৃদ্ধি আৰু বর্ধিত প্রতিযোগিতামূলক ক্ষমতাৰ ক্ষেত্ৰত এখন দেশ এটা নির্বাচন নীতিয়ে সহায় কৰিব। তেওঁ লগতে কয় যে,...