October 6, 2024 7:51 PM October 6, 2024 7:51 PM
6
শিক্ষা বিভাগৰ ২৮৪ গৰাকী আৰু স্বাস্থ্য বিভাগৰ ১০১ গৰাকী প্ৰাৰ্থীক কাইলৈ নিযুক্তি পত্ৰ প্ৰদান
ৰাজ্য চৰকাৰৰ এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতিৰ অংশস্বৰূপে কাইলৈ পুনৰ নিযুক্তি সমাৰোহৰ আয়োজন কৰা হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল প্রেক্ষাগৃহত শিক্ষা বিভাগৰ ২৮৪ গৰাকী আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ১০১ গৰাকী প্ৰাৰ্থীক কাইলৈ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থকাৰ কথা। উল্লেখযোগ্য যে যোৱা ২৬ ছেপ্তেম্বৰ পর্যন্ত ১ লাখ ২৪ হাজাৰ ৬৪৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল। কাইলৈৰ এই নিযুক্তিৰ পাছ...