December 20, 2024 12:43 PM

views 18

এখন ৰাষ্ট্ৰ, এটা নির্বাচন বিষয়ক বিধেয়ক দুখন যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ

এখন ৰাষ্ট্ৰ, এটা নির্বাচন বিষয়ক বিধেয়ক দুখন আজি যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হয়। লোকসভাৰ ২৭ গৰাকী সদস্য আৰু ৰাজ্যসভাৰ ১২ গৰাকী সদস্যৰে এই সমিতিখন গঠন কৰা হৈছে। আজি পুৱা সদন মিলিত হোৱাৰ সময়ত কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সংবিধানৰ ১২৯ সংখ্যক সংশোধনী বিধেয়ক ২০২৪ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক ২০২৪ যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণৰ বাবে প্ৰস্তাৱ উত্থাপন কৰে। এই সমিতিখনে সংসদৰ পৰৱৰ্তী অধিৱেশনৰ শেষৰ সপ্তাহৰ প্রথম দিনা সদনত এই বিধেয়ক দুখনৰ সন্দৰ্ভত তথ্য দাখিল কৰিব।...