September 5, 2025 10:57 AM

views 19

বিশ্বৰ বিভিন্ন ঠাইত বাস কৰা কেৰালাৰ লোকসকলৰ আজি থিৰু ওনাম উৎসৱ উদযাপন

বিশ্বৰ বিভিন্ন ঠাইত বাস কৰা কেৰালাৰ লোকসকলে আজি থিৰু ওনাম উৎসৱ উদযাপন কৰিছে। থিৰু ওনাম হ'ল কেৰালাৰ সৰ্ববৃহৎ উৎসৱ আৰু সমগ্ৰ ৰাজ্যখন উৎসৱমুখৰ হৈ থকাৰ বাতৰি আহিছে। ন্যায়পৰায়ণ আৰু উপকাৰী শাসক হিচাপে পৰিচিত প্ৰজাৰ মৰমৰ ৰজা মহাবলী ঘৰলৈ উভতি অহা দিনটোৰ সৈতে সংগতি ৰাখি এই উৎসৱ উদযাপন কৰা হয়। জাতি-ধৰ্ম নির্বিশেষে উদযাপিত থিৰু ওনাম ১১ দিন পূৰ্বে আথম উৎসৱৰ দ্বাৰা আৰম্ভ হৈছিল। আজিৰ থিৰু ওনাম এই ১১ দিনীয়া উদযাপনৰ আটাইতকৈ উল্লেখযোগ্য দিন। এই উপলক্ষে কেৰালাত চৰকাৰী সংস্থা, সাংস্কৃতিক সংগঠন আৰু স্থানীয় সম্...