July 5, 2025 7:01 PM

views 17

অ’ এম আৰ উত্তৰবহী ব্যৱহাৰ সন্দৰ্ভত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধিসূচনা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২০২৬ বৰ্ষত হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অ এম আৰ উত্তৰবহী ব্যৱহাৰৰ কোনো তাৎক্ষণিক পৰিকল্পনা নাই বুলি স্পষ্ট কৰি দিছে। উচ্চতৰ মাধ্যমিক পৰীক্ষাত অ' এম আৰ উত্তৰবহী ব্যৱহাৰ সন্দৰ্ভত বিভিন্ন পক্ষৰ পৰা অহা প্ৰশ্নলৈ চাই পৰিষদৰ সচিবে আজি এখন অধিসূচনাযোগে এই কথা স্পষ্ট কৰি দিয়ে। অৱশ্যে পৰিষদে ছাত্ৰ-ছাত্ৰীৰ দক্ষতাভিত্তিক শিক্ষণ আৰু মূল্যায়ন সন্দৰ্ভত প্রচেষ্টা অব্যাহত থাকিব বুলি ঘোষণা কৰে।