May 14, 2024 8:46 PM May 14, 2024 8:46 PM

views 6

তেল আৰু প্ৰাকৃতিক গেছ আয়োগ লিমিটেড আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ মাজত চুক্তি স্বাক্ষৰ

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এটা বিশেষ সা-সুবিধা থকা অগ্নিদগ্ধ লোকৰ চিকিৎসাৰ কক্ষ স্থাপনৰ বাবে আজি মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে তেল আৰু প্ৰাকৃতিক গেছ আয়োগ লিমিটেডৰ মাজত এখন চুক্তি স্বাক্ষৰ হয়। ১১ কোটি ৮৩ লাখ টকাৰ এই চুক্তিখনৰ জৰিয়তে আধুনিক চিকিৎসা ব্যৱস্থাৰে সজ্জিত কক্ষটো মহাবিদ্যালয়খনৰ তৃতীয় মহলাত স্থাপন কৰা হ'ব। এই কক্ষটো কাৰ্যক্ষম হৈ উঠিলে যোৰহাটকে ধৰি উজনি অসমৰ বহু লোকৰ সুবিধা হ'ব বুলি মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ ৰত্নকান্ত তালুকদাৰে কয়।