July 18, 2025 8:47 PM

views 26

গুৰুগ্ৰামৰ সন্মিলনত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ভাষণ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কৈছে যে ২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্যলৈ দেশৰ যুৱক-যুৱতীসকল আগবাঢ়ি যাবলৈ হ'লে তেওঁলোকক সঠিক পথ প্ৰদৰ্শন কৰাৰ লগতে কাৰিকৰী সহায় আৰু সঠিক নীতি নিৰ্ধাৰণেৰে আগুৱাই নিয়াটো প্রয়োজন। আজি গুৰুগ্ৰামত অনুষ্ঠিত এখন সন্মিলনত ভাষণ দি তেওঁ কয় যে সমাজ আৰু জাতিৰ সামগ্রিক বিকাশত সামাজিক সংগঠনসমূহৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। অধ্যক্ষগৰাকীয়ে লগতে কয় যে বৰ্তমানৰ যুৱক-যুৱতীসকলৰ পৰিৱৰ্তিত পৰিস্থিতিত নিজকে সহজতে খাপ খোৱাই লব পৰাৰ ক্ষমতা থকাৰ লগতে ভৱিষ্যত গঢ় দিয়াৰ ক্ষমতা, আৰু জাতি নিৰ্...

June 30, 2025 11:56 AM

views 25

ধৰ্মশালাৰ তপোবনত আজি কমনৱেলথ সংসদীয় সংস্থাৰ দ্বিতীয় মণ্ডলৰ বাৰ্ষিক সন্মিলন মুকলি

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই হিমাচল প্ৰদেশৰ ধৰ্মশালাৰ তপোবনত আজি কমনৱেলথ সংসদীয় সংস্থাৰ দ্বিতীয় মণ্ডলৰ বাৰ্ষিক সন্মিলন মুকলি কৰিব। এই মণ্ডলৰ অধীনত দিল্লী, হাৰিয়ানা, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ আৰু পাঞ্জাৱো সামৰি লোৱা হৈছে। গণতান্ত্রিক প্রতিষ্ঠানসমূহ শক্তিশালী কৰাৰ লগতে এই দিশত ৰাজ্যসমূহৰ অভিজ্ঞতাসমূহৰ আদান-প্ৰদান আৰু সমসাময়িক যুগৰ প্ৰশাসন আৰু বিধানপালিকাসমূহৰ কাম-কাজ উন্নত কৰাৰ উদ্দেশ্যে ল'বলগীয়া পদক্ষেপৰ বিষয়ে আলোচনাৰ বাবে এখন উপযুক্ত মঞ্চ প্রদান কৰাই এই সন্মিলনৰ মূল উদ্দেশ্য। এই সন্মিলনৰ ব...

June 11, 2025 6:54 PM

views 26

নিম্ন সদনৰ প্ৰাক্তন অধ্যক্ষ কে এছ হেগ্ৰেৰ জন্ম বার্ষিকীত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ প্ৰতিচ্ছবিত পুষ্পমাল্য তৰ্পণ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি নিম্ন সদনৰ প্ৰাক্তন অধ্যক্ষ কে এছ হেগ্ৰেৰ জন্ম বার্ষিকী উপলক্ষে সংবিধান সদনত থকা তেওঁৰ প্ৰতিচ্ছবিত পুষ্পমাল্য তৰ্পণ কৰে। ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশ, সাংসদ আৰু লোকসভা, ৰাজ্যসভা সচিবালয়ৰ জ্যেষ্ঠ বিষয়াসকলে প্রাক্তন অধ্যক্ষগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে।

June 10, 2025 12:03 PM

views 20

দেশৰ সামগ্ৰিক বিকাশত যুৱ প্ৰজন্মই আগবঢ়োৱা অৱদানৰ প্ৰশংসা ওম বিৰলাৰ

বিভিন্ন ক্ষেত্ৰত হোৱা উল্লেখনীয় অগ্ৰগতিৰে ভাৰত উদীয়মান গোলকীয় নেতৃত্ব ৰূপে পৰিগণিত হৈছে। "যুৱ প্ৰতিভাৰ শক্তি আৰু প্ৰযুক্তিৰ উদ্ভাৱনৰ জৰিয়তে সমসাময়িক প্ৰত্যাহ্বান শীৰ্ষক এটা অনুষ্ঠানত অংশগ্ৰহন কৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এইদৰে কয়। ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান, যোধপুৰত হোৱা এই অনুষ্ঠানত অংশগ্ৰহন কৰি শ্ৰী বিৰলাই সামাজিক, অর্থনৈতিক আৰু প্ৰযুক্তিগত দিশত যুৱ প্ৰজন্মই আগবঢ়োৱা অৱদানৰ বাবে প্ৰশংসা কৰে।ৰাষ্ট্ৰৰ প্ৰগতিৰ দিশটোত গুৰুত্ব প্ৰদান কৰি প্ৰযুক্তিৰ বিকাশত কাম কৰি যাবলৈ শ্ৰী বিৰলাই য...

June 7, 2025 8:28 PM

views 50

ভাৰতে সদায় আইনৰ শাসন, গোলকীয় সহযোগিতা আৰু বিশ্ব পৰ্যায়ত আলোচনাৰ পোষকতা কৰি আহিছে বুলি ওম বিৰলাৰ প্ৰকাশ

ভাৰতে সদায় আইনৰ শাসন, গোলকীয় সহযোগিতা আৰু বিশ্ব পৰ্যায়ত আলোচনাৰ পোষকতা কৰি আহিছে বুলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰকাশ কৰিছে। ব্ৰাজিলৰ ব্ৰাছিলিয়াত অনুষ্ঠিত ব্ৰিকছ সংসদীয় মঞ্চৰ একাদশ বৈঠকত অংশগ্ৰহণ কৰা ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব বহন কৰাৰ পাছত এটা ভিডিঅ' শ্বেয়াৰ কৰি শ্ৰী বিৰলাই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে বৈঠকত অর্থবহন আলোচনা আৰু মত বিনিময় হয়। বৈঠকত ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ মাজত সংসদীয় সহযোগিতা সুদৃঢ় কৰাৰ যৌথ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰাৰ লগতে কৃত্রিম বুদ্ধিমত্তা প্ৰযুক্তিৰ প্ৰসাৰ আৰু ...

April 17, 2025 10:05 AM

views 28

ভাৰতবৰ্ষক পূৰ্ণ বিকশিত ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠা কৰাৰ প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত উদ্যোগ আৰু বাণিজ্য জগতৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে : ওম বিৰলা

২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক পূৰ্ণ বিকশিত ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠা কৰাৰ প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত উদ্যোগ আৰু বাণিজ্য জগতৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰকাশ কৰিছে। শ্ৰীবিৰলাই এই ৰাষ্ট্ৰীয় আকাংক্ষা বাস্তৱায়িত কৰাৰ উদ্দেশ্যে উন্নয়নৰ স্থায়ী আৰু সৰ্বাত্মক আৰ্হি আঁকোৱালি ল'বলৈ সকলোৰে প্ৰতি আহ্বান জনায়। পি এইচ ডি বাণিজ্য আৰু উদ্যোগ সংঘৰ ১২০ সংখ্যক বার্ষিকী উপলক্ষে কালি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি শ্রীবিলাই এইদৰে প্ৰকাশ কৰে। লোকসভাৰ অধ্যক্ষগৰাকীয়ে কয়, যে চৰকাৰৰ উন্...

February 14, 2025 8:54 PM

views 12

চণ্ডীগড়ত অৰিয়েণ্টেচন কাৰ্যসূচী মুকলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই চণ্ডীগড়ত আজি হাৰিয়ানা বিধানসভাৰ সদস্যসকলৰ বাবে সংসদীয় গণতান্ত্রিক গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সহযোগত আয়োজন কৰা অৰিয়েণ্টেচন কাৰ্যসূচী মুকলি কৰে। হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ হৰবিন্দৰ কল্যাণ, উপাধ্যক্ষ কৃষ্ণা সিদ্ধা, মুখ্যমন্ত্রী নাইব সিং ছাইনী, উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষ সতীশ মাহানা, হাৰিয়ানা বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ জ্ঞান চান্দ গুপ্তা আৰু কংগ্ৰেছৰ বিধায়ক ভাৰত ভূষণ বাট্টাও এই অনুষ্ঠানত উপস্থিত থাকে। এই অনুষ্ঠানত উপস্থিত থাকি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নাইব ...

February 10, 2025 6:52 PM

views 34

দেশৰ সংসদ আৰু বিভিন্ন ৰাজ্যৰ বিধানসভাত জনপ্রতিনিধিসকলৰ অংশগ্ৰহণৰ হাৰ আৰু বৈঠকৰ সংখ্যা হ্ৰাস পোৱা বিষয়ক লৈ লোকসভাৰ অধ্যক্ষj উদ্বেগ প্রকাশ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই দেশৰ সংসদ আৰু বিভিন্ন ৰাজ্যৰ বিধানসভাত জনপ্রতিনিধিসকলৰ অংশগ্ৰহণৰ হাৰ আৰু বৈঠকৰ সংখ্যা হ্ৰাস পোৱাৰ বিষয়টোক লৈ উদ্বেগ প্রকাশ কৰিছে। নতুন দিল্লীত আজি পঞ্চদশ মহাৰাষ্ট্ৰ বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কসকলক লৈ আয়োজিত এটা অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে সদনৰ কাম-কাজ পৰিকল্পিতভাৱে ব্যাহত কৰাটোৱে সংসদীয় গণতন্ত্ৰৰ বাবে অশুভ ইংগিত বহন কৰে। নৱনিৰ্বাচিত বিধায়কসকলক সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰোৱা এই অনুষ্ঠানত লোকসভাৰ অধ্যক্ষগৰাকীয়ে মহাৰাষ্ট্ৰ বিধানসভাৰ গঠনমূলক কাম-কাজৰ শলাগ লয়।

February 9, 2025 11:08 AM

views 24

যুৱ প্ৰজন্মক শক্তি আৰু অনুপ্ৰেৰণাৰ বাবে গ্ৰন্থ অধ্যয়ন কৰিবলৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ আহ্বান

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই জনসাধাৰণক বিশেষকৈ যুৱ প্ৰজন্মক শক্তি আৰু অনুপ্ৰেৰণাৰ বাবে গ্ৰন্থ অধ্যয়ন কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত চলি থকা বিশ্ব গ্রন্থমেলাত কালি দুখন কিতাপ উন্মোচন কৰি অধ্যক্ষগৰাকীয়ে এইদৰে আহ্বান জনায়। শ্ৰী বিৰলাই কয়, যে কিতাপে ব্যক্তিগত আৰু সামাজিক বিকাশৰ প্ৰকৃত পথ প্ৰদৰ্শকৰূপে কাম কৰি আহিছে। তেওঁ কয়, যে কিতাপ জ্ঞানৰ স্থায়ী অভিলেখাগাৰ আৰু কিতাপে ভৱিষ্যৎ প্ৰজন্মৰ বাবে অৱধাৰণা তথা ঐতিহ্য সংৰক্ষণ কৰে। অধ্যক্ষগৰাকীয়ে যুৱক-যুৱতীসকলক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে অনুপ্ৰে...

January 13, 2025 4:55 PM

views 32

ৰাষ্ট্রপতিৰ দেশবাসীলৈ মকৰ সংক্ৰান্তিৰ শুভেচ্ছা

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্রপতি জগদীপ ধনখড়, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু গৃহমন্ত্রী অমিত শ্বাহে মাঘবিহু, লহৰী, মকৰ সংক্ৰান্তি আৰু পোংগল উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বার্তাত ৰাষ্ট্রপতি শ্রীমতী মুর্মুৱে কয়, যে এই উৎসৱবোৰ হৈছে দেশৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্রতীক। এই উৎসৱ দেশৰ জনসাধাৰণক অক্লান্তভাৱে খাদ্য শস্যৰ যোগান ধৰা কৃষকসকলৰ প্রতি কৃতজ্ঞতা জ্ঞাপনৰ সুযোগ বুলি ৰাষ্ট্রপতিগৰাকীয়ে মন্তব্য কৰে। এই উৎসৱে সকলোৰে জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি তেওঁ আশা প্রকাশ...