December 4, 2025 8:38 PM

views 14

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ মৃত্যুত প্রধানমন্ত্ৰী মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ গভীৰ শোক প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে। শ্রীমোদীয়ে আজি সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে প্রাক্তন ৰাজ্যপালগৰাকী এগৰাকী প্ৰসিদ্ধ অধিবক্তা আছিল আৰু তেওঁ অভাৱগ্ৰস্ত লোকৰ জীৱনৰ উন্নয়নৰ বাবে আইনী পেছাৰ ব্যৱহাৰত বিশ্বাস কৰিছিল। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁ দেশৰ কনিষ্ঠতম ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছিল আৰু ৰাজ্যপালৰ কাৰ্যকালত মিজোৰামৰ জনমানসত মচিব নোৱাৰা চাপ এৰি থৈ যাবলৈ সমৰ্থ হৈছিল। সাংসদ হিচাপে স্বৰাজ...

November 28, 2025 12:20 PM

views 16

ভাৰতীয় ৰাজহ সেৱাৰ ৭৬ সংখ্যক বেটছৰ প্ৰশিক্ষাৰ্থী বিষয়াক উদ্দেশ্যি লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ভাষণ

এখন ৰাষ্ট্র, এটা কৰ ব্যৱস্থাৰ লেখীয়া সংস্কাৰসমূহে দেশৰ কৰ পৰিকাঠামো সৰল আৰু স্বচ্ছ কৰি তুলিছে আৰু ইয়াৰ ফলত দেশত বিকাশ আৰু সমৃদ্ধি ত্বৰান্বিত হৈছে। নতুন দিল্লীত কালি ভাৰতীয় ৰাজহ সেৱাৰ ৭৬ সংখ্যক বেটছৰ প্ৰশিক্ষাৰ্থী বিষয়াসকলক উদ্দেশ্যি দিয়া ভাষণত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে যুৱ প্ৰশিক্ষাৰ্থী বিষয়াসকলৰ সাহস, আত্মবিশ্বাস আৰু নতুন দৃষ্টিভংগীয়ে দেশক গোলকীয় নেতৃত্বৰ দিশে আগুৱাই লৈ যোৱাত সহায় কৰিব। ভাৰতীয় ৰাজহ সেৱাৰ বিষয়াসকল দেশৰ অৰ্থনৈতিক শক্তিৰ মূল স্তম্ভ বুলি শ...

November 26, 2025 8:03 PM

views 19

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতীয় সংবিধানৰ যাত্ৰাক চৰ্চা কৰি প্ৰকাশ কৰা এটি প্ৰৱন্ধ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰে

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সাংবিধানিক সভাৰ দ্বাৰা গঠিত আৰু কোটি কোটি ভাৰতীয়ৰ অভিলাসেৰে সমৃদ্ধ ভাৰতীয় সংবিধানৰ যাত্ৰাক চৰ্চা কৰি প্ৰকাশ কৰা এটি প্ৰৱন্ধ আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰে। এটা বার্তাত প্রধানমন্ত্রী মোদীয়ে কয় যে লোকসভাৰ অধ্যক্ষগৰাকীয়ে ২০৪৭ চনৰ ভিতৰত ভাৰতক আত্মনিৰ্ভৰ আৰু আত্মবিশ্বাসী ভাৰত হিচাপে আগুৱাই নিয়াৰ বাবে সংবিধানে কেনেদৰে আদৰ্শ পথ প্ৰদৰ্শকৰ কাম কৰি আহিছে সেই সন্দর্ভত আলোকপাত কৰে।

November 10, 2025 6:18 PM

views 21

কমনৱেল্থ সংসদীয় সংস্থা চি পি এ-ৰ ২২ সংখ্যক বাৰ্ষিক সন্মিলনৰ নাগালেণ্ড বিধানসভাত আয়োজিত তৃতীয় আঞ্চলিক মণ্ডলৰ কাৰ্যসূচী উদ্বোধন লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি কমনৱেল্থ সংসদীয় সংস্থা চি পি এ-ৰ ২২ সংখ্যক বাৰ্ষিক সন্মিলনৰ কোহিমাৰ নাগালেণ্ড বিধানসভাত আয়োজিত তৃতীয় আঞ্চলিক মণ্ডলৰ কাৰ্যসূচী উদ্বোধন কৰে। উদ্বোধনী ভাষণত শ্রীবিৰলাই কয়, যে উত্তৰ-পূৰ্বাঞ্চল চহকী-সংস্কৃতি, বৈচিত্র্য আৰু শক্তিশালী গণতান্ত্রিক প্ৰমূল্যৰ বাবে জনাজাত। তেওঁ কয়, যে এই অঞ্চলটোৱে সক্ৰিয় গণতান্ত্রিক ব্যৱস্থা তথা যোগাযোগ আন্তঃগাঁথনি আৰু বিভিন্ন ক্ষেত্ৰত সুযোগ বৃদ্ধিৰ দিশত অবিৰতভাৱে উন্নতি কৰিছে। লোকসভাৰ অধ্যক্ষগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিধানসভাসমূহক তেওঁ...

October 1, 2025 9:16 PM

views 28

লোকসভাৰ প্ৰাক্তন অধ্যক্ষ জি এম চি বালাযোগীক লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ শ্রদ্ধা জ্ঞাপন

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই নতুন দিল্লীত আজি লোকসভাৰ প্ৰাক্তন অধ্যক্ষ জি এম চি বালাযোগীক শ্রদ্ধা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীবিৰলাই কয়, যে অধ্যক্ষ হিচাপে বালাযোগীৰ কাৰ্য্যকাল অতি গুৰুত্বপূৰ্ণ। গণতান্ত্রিক মূল্যবোধৰ প্ৰতি তেওঁ প্ৰদৰ্শন কৰা দায়ৱদ্ধতা আজিও প্ৰেৰণাৰ উৎস বুলি লোকসভাৰ অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে। লোকসভাৰ সাধাৰণ সচিব উৎপল কুমাৰ সিঙকে ধৰি লোকসভা আৰু ৰাজ্যসভাৰ অন্যান্য ব্যক্তিসকলেও প্রাক্তন অধ্যক্ষগৰাকীক শ্রদ্ধা নিবেদন কৰে।

September 14, 2025 8:10 PM

views 24

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি চহৰত মহিলা সৱলীকৰণ সমিতিৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি চহৰত সংসদ আৰু ৰাজ্যিক তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভাত মহিলা সৱলীকৰণ সমিতিৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে। লোকসভাৰ অধ্যক্ষগৰাকীয়ে এই উপলক্ষে এখন প্রদর্শনী উদ্বোধন কৰাৰ লগতে এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰে। ৰাজ্যসভাৰ উপ সভাপতি, অন্ধ্র প্রদেশ বিধান পৰিষদ আৰু বিধানসভাৰ সভাপতি, অধ্যক্ষ, সংসদ আৰু ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভাৰ মহিলা সৱলীকৰণ সমিতিৰ অধ্যক্ষৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তিয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। এ...

September 13, 2025 8:43 PM

views 18

বিধানসভাসমূহ দেশৰ বাবে গঠনমুলক সিদ্ধান্ত গ্ৰহনৰ এখন মঞ্চ হৈ ৰ’ব : ওম বিৰলা

বিধানসভাসমূহ চিৰদিন ৰাজহুৱা গুৰুত্বপূৰ্ণ বিষয়ত অর্থবহ আলোচনা, জনসাধাৰণৰ স্বার্থজড়িত বিষয়ত তৰ্কৰ লগতে সমাজ তথা দেশৰ বাবে গঠনমুলক সিদ্ধান্ত গ্ৰহনৰ এখন মঞ্চ হৈ ৰ'ব বুলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আশা প্রকাশ কৰিছে। আজি বেংগালুৰুত অনুষ্ঠিত কমনৱেলথ সংসদীয় সংস্থাৰ একাদশ ভাৰত অঞ্চল সন্মিলনৰ সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ এই মন্তৱ্য কৰিছে। অধ্যক্ষগৰাকীয়ে লগতে কয় বিধানসভা সমূহক উক্ত লক্ষ্যত উপনীত কৰাবলৈ সহায় হ'ব পৰা প্ৰক্ৰিয়াৰ বিষয়ে এই দুদিনীয়া সন্মিলনত আলোচনা কৰা হৈছিল যাৰ বাবে ৰাজনৈতিক দ...

September 12, 2025 12:24 PM

views 26

সংসদক ৰাষ্ট্ৰীয় গুৰুত্ব আৰু জনসাধাৰণৰ স্বাৰ্থৰ সৈতে জড়িত বিষয় উত্থাপনৰ মঞ্চলৈ ৰূপান্তৰৰ বাবে ৰাজনৈতিক দলসমূহক আহ্বান ওম বিৰলাৰ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদক ৰাষ্ট্ৰীয় গুৰুত্ব আৰু জনসাধাৰণৰ স্বাৰ্থৰ সৈতে জড়িত বিভিন্ন বিষয় উত্থাপন কৰিব পৰা অৰ্থৱহ বিতৰ্ক আৰু আলাপ আলোচনাৰ মঞ্চলৈ ৰূপান্তৰ কৰিবলৈ ৰাজনৈতিক দল আৰু নিৰ্বাচিত জনপ্রতিনিধিসকলৰ প্ৰতি আহ্বান জনাইছে। বাংগালুৰুত আয়োজিত ভাৰত অঞ্চলৰ কমনৱেলথ সংসদীয় সংস্থাৰ ১১ সংখ্যক সন্মিলনত ভাষণ দি লোকসভাৰ অধ্যক্ষগৰাকীয়ে কালি এইদৰে আহ্বান জনায়। তেওঁ সাংসদ, বিধায়কসকলক দলীয় স্বাৰ্থৰ উৰ্ধলৈ উঠিবলৈ আৰু ৰাইজৰ প্ৰতিনিধি হিচাপে আলোচনাত অংশগ্ৰহণ কৰিবলৈ কয় । অধ্যক্ষগৰাকীয়ে লগতে সদনৰ ...

August 27, 2025 11:48 AM

views 20

ভূৱনেশ্বৰত পৰহিলৈ সংসদ আৰু ৰাজ্যৰ বিধানসভাসমূহৰ কমিটিৰ অধ্যক্ষসকলৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অহা শুকুৰবাৰে ভূৱনেশ্বৰত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ কল্যাণৰ বাবে থকা সংসদ আৰু ৰাজ্যৰ বিধানসভাসমূহৰ কমিটিসমূহৰ অধ্যক্ষসকলৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। অধ্যক্ষগৰাকীয়ে এখন প্রদর্শনী মুকলি কৰাৰ লগতে এখন স্মৃতিগ্রন্থও উন্মোচন কৰিব বুলি লোকসভাৰ সচিবালয়ে এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে। এই সন্মিলনৰ বিষয়বস্তু হৈছে- অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ কল্যাণ, উন্নয়ন আৰু সৱলীকৰণত সংসদ আৰু ৰাজ্যৰ বিধানসভাসমূহৰ কমিটিৰ ভূমিকা। সন্মিলনত ১২০ গৰাকীতকৈও অধিক প...

August 18, 2025 8:57 PM

views 21

কেপ্তেইন শুক্লাই এক্‌জিয়ম মিছন ফ’ৰৰ অধীনত আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস গঢ়িললেঃ ওম বিৰলা

বিৰোধী সাংসদসকলে বিভিন্ন বিষয় লৈ হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰাৰ বাবে লোকসভা আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। দ্বিতীয় বাৰ স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই ভাৰতীয় বিমান সেৱা বাহিনীৰ গ্ৰুপ কেপ্তেইন তথা মহাকাশচাৰী শুভাংশু শুক্লাক লোকসভাৰ সকলো সদস্যৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰীবিৰলাই কয়, যে কেপ্তেইন শুক্লাই এক্‌জিয়ম মিছন ফ'ৰৰ অধীনত আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস গঢ়িলে। ইয়াৰ পাছতে তেওঁ ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত...