September 8, 2024 7:53 PM

views 24

ভাৰতে ২০৩০ চনত যুৱ অলিম্পিক আৰু ২০৩৬ চনত গ্ৰীষ্মকালীন অলিম্পিক আয়োজনৰ দায়িত্ব লাভৰ বাবে চেষ্টা চলাব বুলি কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীৰ প্ৰকাশ

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কৈছে যে, ভাৰতে ২০৩০ চনত যুৱ অলিম্পিক আৰু ২০৩৬ চনত গ্ৰীষ্মকালীন অলিম্পিক আয়োজনৰ দায়িত্ব লাভৰ বাবে চেষ্টা চলাব। নতুন দিল্লীত আজি অলিম্পিক কাউন্সিল অৱ এছিয়াৰ ৪৪ সংখ্যক সাধাৰণ সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, এইবাৰৰ বাজেটত খেল শিতানৰ বাবে আৱণ্টিত ধনৰ পৰিমাণ ২০১৪-১৫ বৰ্ষৰ ১৪ কোটি ৩০ লাখ টকাৰ পৰা প্ৰায় ৪৭ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। চৰকাৰৰ এনে প্ৰচেষ্টাৰ বাবেই দেশে এছিয়ান গেমছত ১০৭ টা আৰু এছিয়ান পেৰাগ...

August 6, 2024 7:57 PM

views 33

পেৰিছ অলিম্পিকৰ মহিলাৰ মল্লযুদ্ধৰ ৫০ কিলোগ্রাম ওজন শাখাৰ ফ্ৰিষ্টাইল শিতানৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ ৱিনেশ ফোগত

ভাৰতৰ ৱিনেশ ফোগতে আজি ইউক্রেইনৰ অ'কছানা লিভাচক ৭-৫ ফলাফলত পৰাস্ত কৰি পেৰিছ অলিম্পিকৰ মহিলাৰ মল্লযুদ্ধৰ ৫০ কিলোগ্রাম ওজন শাখাৰ ফ্ৰিষ্টাইল শিতানৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। ৱিনেশ ভাৰতীয় সময় অনুসৰি আজি নিশা ১০ বাজি ২৫ মিনিটত হবলগীয়া ছেমি ফাইনেলত কিউবাৰ য়ুজনেলিছ গুজমান লোপেজ অথবা লিথুয়েনিয়াৰ গাবিজা দাইলেটৰ সন্মুখীন হ'ব। ইপিনে, নিজ চোপ্ৰাই পুৰুষৰ জেভলীনত যোগ্যতা নিৰ্ণয়কাৰী ৰাউণ্ডত ৮৯ দশমিক ৩-৪ মিটাৰ দূৰত্বলৈ জেভলীন নিক্ষেপ কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। অৱশ্যে দেশৰ আন এগৰাকী খেলুৱৈ কিশোৰ জেনাই...

August 3, 2024 2:28 PM

views 26

পেৰিছ অলিম্পিক আজি ভাৰতীয় এথলিটসকলে শ্বুটিং, আৰ্চাৰী, বক্সিং, নৌকা চালনা আৰু গ’ল্ফত প্রতিদ্বন্দ্বিতা আগবঢ়াব

পেৰিছ অলিম্পিকৰ অষ্টম দিনা আজি ভাৰতীয় এথলিটসকলে শ্বুটিং, আৰ্চাৰী, বক্সিং, নৌকা চালনা আৰু গ’ল্ফত প্রতিদ্বন্দ্বিতা আগবঢ়াব। শুটিঙত মনু ভাকৰ তৃতীয়টো পদকৰ বাবে মহিলাৰ ২৫ মিটাৰ পিষ্টল শিতানৰ ফাইনেলত অৱতীৰ্ণ হৈছিল যদিও পদক লাভত তেওঁ ব্যর্থ হয়। আজি তেওঁ চতুর্থ স্থান লাভ কৰে। ভাকৰে ইতিমধ্যে মহিলাৰ ১০ মিটাৰ পিষ্টল আৰু ১০ মিটাৰ পিষ্টলৰ মিক্সড শাখাৰ দলীয়া শিতানত ব্ৰঞ্জৰ পদক লাভ কৰিছে। আৰ্চাৰীত দিনৰ ১ বাজি ৫২ মিনিটত দিপিকা কুমাৰী জাৰ্মানীৰ মিচেল ক্রোপেনৰ সন্মুখীন হোৱাৰ বিপৰীতে ভজন কৌৰ ইণ্ডোনেছিয়াৰ ডায়...

July 29, 2024 8:13 PM

views 28

ভাৰতীয় শ্বুটাৰ ৰমিতা জিন্দাল ১০ মিটাৰ এয়াৰ ৰাইফলত মহিলাৰ ফাইনেলৰ মেডেল ৰাউণ্ডত পদক জয়ত ব্যৰ্থ

পেৰিছ অলিম্পিকৰ চতুৰ্থ দিনা আজি ভাৰতীয় শ্বুটাৰ ৰমিতা জিন্দাল ১০ মিটাৰ এয়াৰ ৰাইফল মহিলাৰ চূড়ান্ত ৰাউণ্ডত পদক জয়ত ব্যৰ্থ হৈছে। ৰমিতা জিন্দাল ফাইনেল ৰাউণ্ডত সপ্তম স্থানত থমিক ৰয়। একেদৰে ১০ মিটাৰ এয়াৰ ৰাইফল পুৰুষ শাখাৰ ফাইনেলত ভাৰতৰ শ্বুটাৰ অৰ্জুন বাবুটাই চতুর্থ স্থানতে থমকি ৰয় । আনহাতে, সৰবজোৎ সিঙৰ সৈতে মনু ভাকেৰেৰ যুটীটোয়ে ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড দলৰ কোৱালিফিকেচন ৰাউণ্ডত খেলি পৰৱৰ্তী ৰাউণ্ডলৈ উন্নীত হৈছে। ইফালে আজি বিয়লি অনুষ্ঠিত হোৱা পুৰুষৰ হকীত ভাৰতে আৰ্জেণ্টিনাৰ বিৰুদ্ধে ১-১ গ'লেৰ...

July 20, 2024 6:34 PM

views 17

পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ১১৭ গৰাকী ভাৰতীয় এথলিটৰ মাজত ২৪ গৰাকী সশস্ত্র বাহিনীৰ জোৱান

পেৰিছত ২৬ জুলাইত আৰম্ভ হ’বলগীয়া অলিম্পিক গেমছত অংশগ্ৰহণ কৰিবলগীয়া ১১৭ গৰাকী ভাৰতীয় এথলিটৰ মাজত সশস্ত্র বাহিনীৰ ২৪ গৰাকী জোৱানো আছে। এই ২৪ গৰাকী এথলিটৰ ২২ জনেই পুৰুষ আৰু দুগৰাকী মহিলা। তেওঁলোকৰ মাজত তাৰকা জেভেলিন খেলুৱৈ ছুবেদাৰ নীজ চোপ্ৰাও আছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে যে, এইবাৰৰ অলিম্পিকত প্ৰথমবাৰৰ বাবে সামৰিক বাহিনীৰ দুগৰাকী মহিলা জোৱানে অংশগ্রহণ কৰিব। ছুবেদাৰ নীৰজ চোপ্ৰাই ২০২০ চনৰ টকিঅ’ অলিম্পিকত সোণৰ পদক লাভ কৰিছিল। এইবাৰো তেওঁ এই খিতাপ অক্ষুণ্ণ ৰখাৰ চেষ্টা কৰিব। প্ৰতিৰক্ষা মন...

May 17, 2024 12:45 PM

views 27

পেৰিছ অলিম্পিকত ভাগ ল’বলগীয়া ছয়জনীয়া ভাৰতীয় টেবুল টেনিছ দলৰ নেতৃত্বত মণিকা বাট্ৰা আৰু শৰথ কমল

ভাৰতৰ তাৰকা খেলুৱৈদ্বয় মণিকা বাট্ৰা আৰু শৰথ কমলে চলিত বৰ্ষৰ পেৰিছ অলিম্পিকত ভাগ ল'বলগীয়া ছয়জনীয়া ভাৰতীয় টেবুল টেনিছ দলৰ নেতৃত্ব দিব। ভাৰতীয় টেবুল টেনিছ পৰিষদে কালি দলৰ সদস্যসকলৰ নাম ঘোষণা কৰে । আটাইকেইগৰাকী খেলুৱৈক বিশ্ব ৰেংকিঙৰ ভিত্তিত নিৰ্বাচন কৰা হৈছে। পুৰুষৰ দলটোত শৰথ কমলৰ লগত মানৱ ঠক্কৰ আৰু ৰাষ্ট্ৰীয় চেম্পিয়ন হৰমীত দেশাইক স্থান দিয়া হৈছে। একেদৰে, মহিলাৰ দলটো মণিকা বাট্ৰাৰ লগতে শ্ৰীজা আকুলা আৰু অৰ্চনা কামাথেৰে গঠন কৰা হৈছে। ইপিনে, জ্ঞানছেকৰণ ছাথিয়ানক পুৰুষ আৰু আয়হিকা মুখার্জীক মহি...

May 11, 2024 4:47 PM

views 36

পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন ভাৰতীয় মহিলা মল্ল যুঁজাৰু নিশা দাহিয়াৰ

ভাৰতীয় মহিলা মল্ল যুঁজাৰু নিশা দাহিয়াই পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে। অলিম্পিকত ভাগ লোৱাৰ বাবে তেওঁ পঞ্চমগৰাকী মহিলা মল্ল যুঁজাৰু হিচাপে পৰিগনিত হৈছে। ইস্তানবুলত কালি বিশ্ব অলিম্পিক যোগ্যতা নির্ণয়কাৰী ৬৮ কিলোগ্রাম শাখাৰ চেমিফাইনেল খেলত দাহিয়াই ৰোমানিয়াৰ আলেকজেণ্ডা আংঘেলক পৰাস্ত কৰে। যোৱা বছৰৰ এছিয়ান ছেম্পিয়নশ্বিপত ৰূপৰ পদক বিজয়ী নিশাই আংঘেলক ৮-৪ পইণ্টত পৰাস্ত কৰে। এইবাৰ প্ৰথমবাৰৰ বাবে ৫ গৰাকী মহিলা মল্ল যুঁজাৰুৱে অলিম্পিকৰ প্ৰতিযোতাত ভাগ লোৱাৰ সুযোগ লাভ কৰিছে। অন্তিম পংঘল, বিন...