May 2, 2025 12:08 PM

views 25

দুলীয়াজানৰ নগাজান তৈলক্ষেত্ৰত অইল ইণ্ডিয়া লিমিটেডৰ ৩০৯ নম্বৰ খাদত গেছ নির্গমন

● দুলীয়াজানৰ নগাজান তৈলক্ষেত্ৰৰ কঠালগুৰিত কালি বিয়লি অইল ইণ্ডিয়া লিমিটেডৰ ৩০৯ নম্বৰ খাদত গেছ নির্গমন হয়। খাদটোৰ এটা ভাল্ভ ফাটি যোৱাৰ বাবে কেইবা মিটাৰ উচ্চতালৈ গেছৰ নিৰ্গমন ঘটে। অইলৰ সূত্ৰই গেছৰ সৈতে নিৰ্গত বালিৰ প্ৰচণ্ড হেঁচাৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছে। অঞ্চলটোত অগ্নিনির্বাপক বাহিনীকে ধৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি অঞ্চলটোৰ পৰিস্থিতিৰ বুজ লয় আৰু গেছ নিগমন বন্ধ কৰাৰ বাবে ততালিকে প্রয়োজনীয...

February 26, 2025 7:47 PM

views 28

অইল ইণ্ডিয়া লিমিটেডে গুৱাহাটীকে ধৰি অসমৰ পাঁচখন নগৰত নগৰীয়া গোটা আৱৰ্জনাৰ পৰা উচ্চ চাপযুক্ত জৈৱ গেছ উৎপাদন প্রকল্প স্থাপন কৰিব

দেশৰ নৱৰত্ন কোম্পানীৰ অন্যতম – অইল ইণ্ডিয়া লিমিটেডে এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণত অসম চৰকাৰৰ সৈতে কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে হোৱা আচুতীয়া সাক্ষাৎকাৰত অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড০ ৰঞ্জিত ৰথে এই বিষয়ে প্ৰকাশ কৰি কয় যে অইলে গুৱাহাটীকে ধৰি অসমৰ পাঁচখন নগৰত নগৰীয়া গোটা আৱৰ্জনাৰ পৰা উচ্চ চাপযুক্ত জৈৱ গেছ উৎপাদন প্রকল্প স্থাপন কৰিব। তিনিচুকীয়া নগৰত স্থাপন কৰিবলগীয়া প্ৰথমটো এনে প্ৰকল্পৰ বাবে নিবিদা জাৰি কৰা হ...