May 2, 2025 12:08 PM May 2, 2025 12:08 PM
13
দুলীয়াজানৰ নগাজান তৈলক্ষেত্ৰত অইল ইণ্ডিয়া লিমিটেডৰ ৩০৯ নম্বৰ খাদত গেছ নির্গমন
● দুলীয়াজানৰ নগাজান তৈলক্ষেত্ৰৰ কঠালগুৰিত কালি বিয়লি অইল ইণ্ডিয়া লিমিটেডৰ ৩০৯ নম্বৰ খাদত গেছ নির্গমন হয়। খাদটোৰ এটা ভাল্ভ ফাটি যোৱাৰ বাবে কেইবা মিটাৰ উচ্চতালৈ গেছৰ নিৰ্গমন ঘটে। অইলৰ সূত্ৰই গেছৰ সৈতে নিৰ্গত বালিৰ প্ৰচণ্ড হেঁচাৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছে। অঞ্চলটোত অগ্নিনির্বাপক বাহিনীকে ধৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি অঞ্চলটোৰ পৰিস্থিতিৰ বুজ লয় আৰু গেছ নিগমন বন্ধ কৰাৰ বাবে ততালিকে প্রয়োজনীয...