February 27, 2025 8:06 PM

views 29

অইল ইণ্ডিয়া লিমিটেড আৰু গোৱালপাৰা জিলা আয়ুক্তৰে বুজাবুজি চুক্তিত স্বাক্ষৰ

২০০ খন বিছনাযুক্ত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত বিশুদ্ধ খোৱাপানী যোগানৰ বাবে আজি অইল ইণ্ডিয়া লিমিটেডৰ গোৱালপাৰা জিলা আয়ুক্তৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই উপলক্ষে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰী, অতিৰিক্ত জিলা আয়ুক্ত নৱজিৎ‍ পাঠক, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জনবীৰ দাস, গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ চিত্তৰঞ্জন হাজৰিকা আৰু দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ বিষয়া দেৱাশিস বৰা আৰু শতাব্দী মহন্তই এটা আলোচনাত অংশগ্ৰহণ কৰে। আলোচনাৰ অন্...