June 10, 2024 11:58 AM

views 19

ওড়িশাৰ বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ ক্ষেত্ৰত কেন্দ্ৰীয় পর্যৱেক্ষক হিচাপে ৰাজনাথ সিং-ভূপেন্দৰ যাদৱক নিযুক্তি বিজেপিৰ

ভাৰতীয় জনতা পাৰ্টীয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু ভূপেন্দৰ যাদৱক ওড়িশাৰ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় পর্যৱেক্ষক হিচাপে নিযুক্তি দিছে। বিজেপিৰ এটা বিবৃতিত প্ৰকাশ কৰা মতে, সংসদীয় বোর্ডে এই নেতা দুগৰাকীক ওড়িশা সংসদীয় দলৰ নেতা নিৰ্বাচন কৰাৰ সকলো দিশ পৰ্যৱেক্ষণ কৰাৰ দায়িত্ব অর্পণ কৰিছে।