June 12, 2024 7:18 PM

views 21

ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে মোহন চৰণ মাঝিৰ শপত গ্ৰহণ

বিজেপিৰ জ্যেষ্ঠ নেতা মোহন চৰণ মাঝিয়ে আজি বিয়লি ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ভূৱনেশ্বৰৰ জনতা ময়দানত আয়োজিত শপতগ্রহণ অনুষ্ঠানত মাঝিৰ উপৰি দুগৰাকী উপ-মুখ্যমন্ত্ৰী কনক বর্ধন সিং দেউ আৰু প্ৰৱতি পৰিদাৰ লগতে কেইবাগৰাকীও মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে। ৰাজ্যখনত নবীন পাটনায়ক নেতৃত্বাধীন বিজু জনতা দলৰ ২৪ বছৰীয়া শাসনৰ অন্তত প্ৰথমবাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰিছে। ৫২ বছৰীয়া মাঝিক সর্বসম্মতিক্রমে কালি বিজেপি বিধায়িনী দলৰ নেতা হিচাপে বাছনি কৰা হয়। এই উপলক্ষে আয়োজিত বৈঠকত দলৰ কেন্দ্ৰীয...