January 22, 2025 12:19 PM

views 11

চত্তীশগড়ত মাওবাদীবিৰোধী অভিযানত সফলতা লাভ কৰা বিশেষ অভিযান গোটক ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিৰ প্ৰশংসা

ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে চত্তীশগড়ত মাওবাদীবিৰোধী অভিযানত সফলতা লাভ কৰা বিশেষ অভিযান গোট এছ অ' জিক প্ৰশংসা কৰিছে। এই অভিযানত ১৪জন মাওবাদীৰ মৃত্যু হয়। বিশেষ অভিযান গোটৰ সদস্যসকলৰ বাবে এই সফলতা লাভৰ পাছতেই ৮ হাজাৰ টকাৰ পৰা ২৫ হাজাৰ টকালৈ অতিৰিক্ত ভাত্তা বৃদ্ধি কৰা হৈছে। অভিযানৰ সময়ত জোৱানসকলৰ সাহস আৰু নিষ্ঠাৰ স্বীকৃতিস্বৰূপে এই সিদ্ধান্ত লোৱা হৈছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ওড়িশাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জানিবলৈ দিছে যে নোৱাপাৰা জিলাৰ সমীপৱৰ্তী কুলাৰিঘাট অঞ্চলত যৌথ অভিযান চলোৱা হ...