April 20, 2024 12:26 PM April 20, 2024 12:26 PM

views 7

ওড়িশাৰ ঝাৰচুগুড়া জিলাৰ লখনপুৰৰ সমীপৰ মহানদীত নাও দুৰ্ঘটনা, দুজনৰ প্ৰাণহানি

ওড়িশাৰ ঝাৰচুগুড়া জিলাৰ লখনপুৰৰ সমীপৰ মহানদীত কালি বিয়লি এটা নাও দুৰ্ঘটনাত কমেও দুজন লোকে প্ৰাণ হেৰুৱাইছে। মহিলা আৰু শিশুকে ধৰি ছগৰাকী লোক এতিয়াও সন্ধানহীন হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। সন্ধানহীন লোককেইজনক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। প্ৰতিবেদন অনুসৰি নাওখনে চুবুৰীয়া ৰাজ্য ছত্তিশগড়ৰ ৫০গৰাকী যাত্রী কঢ়িয়াই নিছিল। ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকট আত্মীয়লৈ ৪ লাখ টকাকৈ এককালীন সাহায্য ঘোষ...

April 16, 2024 11:43 AM April 16, 2024 11:43 AM

views 19

ওড়িশাত যাত্রীবাহী বাছ দুৰ্ঘটনাত মহিলাসহ কমেও ৫জন লোক নিহত, ৩৫ জন আহত

ওড়িশাৰ জয়পুৰ জিলাত যোৱানিশা এখন যাত্রীবাহী বাছ দলঙৰ পৰা বাগৰি পৰাৰ ফলত এগৰাকী মহিলাসহ কমেও ৫জন লোকৰ প্ৰাণ হানি হোৱাৰ লগতে ৩৫ জন লোক আহত হয়। পুৰীৰ পৰা পশ্চিমবংগৰ হালদিয়ালৈ অহাৰ পথত ১৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাৰাবাতী দলঙত এই শোকাবহ দুর্ঘটনাটো সংঘটিত হয়। দুর্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যাত্ৰীসকলক উন্নত চিকিৎসাৰ বাবে কটকৰ এছ চি বি চিকিৎসা মহাবিদ্যালয় আৰু হাস্পটালত ভৰ্তি কৰোৱা হৈছে। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে বাছখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়। ওড়িশাৰ মুখ্...