June 17, 2025 8:35 PM

views 18

অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ IAS বিষয়া পৱিত্ৰ ৰাম খাউণ্ড, প্ৰভাতী থাউছেনৰ অসম লোকসেৱা আয়োগৰ সদস্য ৰূপে শপত গ্ৰহণ

ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া পৱিত্ৰ ৰাম খাউণ্ড আৰু প্ৰভাতী থাউছেনে আজি অসম লোকসেৱা আয়োগৰ সদস্য ৰূপে শপত গ্ৰহণ কৰিছে। আজি গুৱাহাটীৰ ৰাজভৱনত অনুষ্ঠানত এটা আৰম্বড়পূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শ্ৰীখাউণ্ড আৰু শ্ৰীথাউছেনক কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়।

November 29, 2024 10:46 AM

views 16

বিধানসভাৰ নতুন ভৱনত নৱনিৰ্বাচিত পাঁচগৰাকী বিধায়কৰ শপত গ্রহণ

বিধানসভাৰ নতুন ভৱনত আজি বিশেষ অনুষ্ঠানত শপত গ্রহণ ল'ব নৱনিৰ্বাচিত পাঁচগৰাকী বিধায়কে। আজি আবেলি ৪ বজাত বিধানসভাৰ নতুন ভৱনত এই ৫গৰাকী বিধায়কক বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শপত বাক্য পাঠ কৰোৱাব। উল্লেখযোগ্য যে যোৱা ১৩ নৱেম্বৰত ৰাজ্যত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত বঙাইগাঁৱৰ পৰা দিপ্তীময়ী চৌধুৰী, বিহালীৰ পৰা দিগন্ত ঘাটোৱাৰ, ঢলাইৰ পৰা নিহাৰৰঞ্জন দাস, ছিদলীৰ পৰা নিৰ্মল ব্ৰহ্ম আৰু চামগুৰিৰ পৰা দিপুৰঞ্জন শৰ্মা –এই ৫ বিধায়ক বিধানসভালৈ নিৰ্বাচিত হৈছিল।

April 4, 2024 6:47 PM

views 25

ৰাজ্যসভাৰ সাংসদ হিচাপে ছোনিয়া গান্ধীৰ শপতগ্রহণ

⇒ জ্যেষ্ঠ কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধীয়ে আজি ৰাজ্যসভাৰ সাংসদ হিচাপে শপতগ্রহণ কৰে। ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে শপত গ্ৰহণ কৰোৱায়। শ্ৰীমতী গান্ধী ৰাজস্থানৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছে।

April 3, 2024 7:31 PM

views 30

কেন্দ্রীয় মন্ত্ৰী ড০ এল মুৰুগনৰ লগতে ৰাজ্যসভাৰ আন ১১ জন নৱ নিৰ্বাচিত সাংসদৰ শপতগ্রহণ

♦ কেন্দ্রীয় মন্ত্ৰী ড০ এল মুৰুগনৰ লগতে ৰাজ্যসভাৰ আন ১১ জন নৱ নিৰ্বাচিত সাংসদে আজি শপতগ্রহণ কৰে। উপ বাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে সংসদ ভৱনত তেওঁলোকক শপত বাক্য পাঠ কৰোৱায়৷