November 13, 2025 12:33 PM

views 38

নিলম্বিত চক্ৰ বিষয়া নুপুৰ বৰাৰ বিৰুদ্ধে ১,২৫৪ পৃষ্ঠাৰ অভিযোগনামা দাখিল

■ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰত গ্ৰেপ্তাৰ হোৱা নিলম্বিত চক্ৰ বিষয়া নুপুৰ বৰাৰ বিৰুদ্ধে কালি বিশেষ ন্যায়াধীশৰ আদালতত অভিযোগনামা দাখিল কৰে। গ্ৰেপ্তাৰৰ ৫৮ দিনৰ পাছত তদাৰকী কোষে নিলম্বিত বিষয়াগৰাকীৰ বিৰুদ্ধে ১,২৫৪ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে। অভিযোগনামা তদাৰকী কোষে সন্নিবিষ্ট কৰা তথ্য অনুসৰি নিজৰ বৈধ আয়ৰ উৎসৰ তুলনাত অভিযুক্ত বৰাই ৪৫৮.৬৪ শতাংশ অধিক সম্পত্তি অৰ্জন কৰিছিল। উল্লেখযোগ্য যে কালি বিশেষ ন্যায়াধীশৰ আদালতে অভিযুক্ত বিষয়াগৰাকীৰ জামিন মঞ্জুৰ কৰি...

September 20, 2025 9:36 PM

views 31

নূপুৰ বৰাৰ বৰপেটাৰোডৰ এটা বেংকৰ লকাৰৰ পৰা পুনৰ ৩১ লাখ ১০ হাজাৰৰো অধিক টকা জব্দ

মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আজি গৰৈমাৰী ৰাজহ চক্ৰৰ পূৰ্বৰ চক্ৰ বিষয়া নূপুৰ বৰাৰ বৰপেটাৰোডৰ এটা বেংকৰ লকাৰৰ পৰা পুনৰ ৩১ লাখ ১০ হাজাৰৰো অধিক টকা জব্দ কৰে। ইয়াকে লৈ তদাৰকী কোষে নূপুৰ বৰাৰ পৰা মুঠ ১ কোটি ৪৭ লাখৰো অধিক টকা উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। ইয়াৰ পূৰ্বে যোৱা ১৫ ছেপ্তেম্বৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে নুপূৰ বৰাৰ পৰা প্ৰায় ৯২ লাখ ৪৯ হাজাৰ টকা আৰু ১৭ ছেপ্তেম্বৰত ২০ লাখ ৭৫ হাজাৰ টকা উদ্ধাৰ কৰিছিল। উল্লেখযোগ্য যে সম্প্রতি তিনি দিনৰ বাবে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জিম্মাত আছে। কালি নূপুৰ বৰাক ৰাজ্য চ...

September 17, 2025 7:02 PM

views 33

নূপুৰ বৰাৰ পৰা পুনৰ ২৩ লাখ ৭৫ হাজাৰ টকা উদ্ধাৰ

বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ তদানীন্তন চক্র বিষয়া তথা বর্তমান কামৰূপ জিলাৰ গৰৈমাৰীৰ ৰাজহ চক্ৰ বিষয়া নূপুৰ বৰাৰ পৰা পুনৰ ২৩ লাখ ৭৫ হাজাৰ টকা উদ্ধাৰ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ এটা দলে নূপুৰ বৰাক লগত লৈ বৰপেটা ৰোডৰ শিমলাগুৰিত অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ শাখাৰ এটা ল’কাৰৰ পৰা এই বৃহৎ ধনৰাশি উদ্ধাৰ কৰে। উদ্ধাৰ কৰা নগদ ধনখিনি এটা ট্রাংকত ভৰাই অভিযানকাৰী দলটোৱে গুৱাহাটীলৈ লৈ আহে। ল’কাৰ দুটাৰ পৰা ধনৰ বাদে আন কোনো সামগ্ৰী উদ্ধাৰ হোৱা নাই বুলি মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ আৰক্ষী অধীক্ষক ৰজী কলিত...