August 30, 2024 7:40 PM August 30, 2024 7:40 PM

views 12

নুমলীগড় তেল শোধনাগাৰ লিমিটেডৰ ৩১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত

নুমলীগড় তেল শোধনাগাৰ লিমিটেডৰ ৩১ সংখ্যক বাৰ্ষিক সাধাৰণ সভাখন আজি প্ৰতিষ্ঠানটোৰ গুৱাহাটীত থকা কৰ্প'ৰেট কাৰ্যালয়ত অনুষ্ঠিত হয়। এন আৰ এল আৰু চি এম ডি অইলৰ অধ্যক্ষ ডº আৰ ৰাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত শোধনাগাৰৰ পৰিচালন সঞ্চালক বি জে ফুকন আৰু শোধনাগাৰ পৰিষদৰ অন্যান্য সদস্য আৰু অংশীদাৰীসকল উপস্থিত থাকে। সভাত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে প্ৰতিষ্ঠানটোৰ প্ৰায় ২৫৯ কোটি টকাৰ চূড়ান্ত লভ্যাংশ ঘোষণা কৰা হয়। উল্লেখযোগ্য যে প্রতিষ্ঠানটোৱে বিত্তীয় বৰ্ষটোত ৪৫২ কোটি টকাৰ অন্তৱৰ্তীকালীন লভ্যাংশ প্রদান কৰিছে।...