June 29, 2024 12:56 PM

views 18

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ বিভিন্ন পৰীক্ষাৰ নতুন সূচী ঘোষণা

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই বাতিল হোৱা আৰু পিছুৱাই দিয়া বিভিন্ন পৰীক্ষাৰ নতুন সূচী ঘোষণা কৰিছে। সংস্থাটোৱে কালি জাৰি কৰা এখন জাননীত কোৱা হৈছে যে, বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ পৰীক্ষা, ইউ জি চি-নেট জুন-২০২৪, ২১ আগষ্টৰ পৰা ৪ ছেপ্তেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব। ১৮ জুনত এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত শিক্ষা মন্ত্ৰ্যালয়ে পৰীক্ষাৰ সততাক লৈ আপোচ হোৱা বুলি অভিযোগ লাভ কৰাৰ পাছত বাতিল কৰা হৈছিল। ইপিনে, সতর্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে স্থগিত ৰখা সংযুক্ত চি এছ আই আৰ- ইউ জি চি নেট জুন...