June 17, 2024 9:16 PM June 17, 2024 9:16 PM
12
নতুন দিল্লীত ড০ এছ জয়শংকৰ-অজিত দোভালৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জেক চুলিভানৰ বৈঠক
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জেক চুলিভানে আজি নতুন দিল্লীত কেন্দ্রীয় বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভালৰ সৈতে বৈঠকত মিলিত হয়। বিদেশ মন্ত্রী ড° জয়শংকৰে জানিবলৈ দিয়া অনুসৰি আজিৰ বৈঠকত দুয়োপক্ষৰ মাজত দ্বিপাক্ষিক, আঞ্চলিক আৰু গোলকীয় বহুকেইটা বিষয়বস্তু সামৰি সামগ্রিক পৰ্যালোচনা অনুষ্ঠিত হয়। ভাৰত-আমেৰিকা কৌশলগত অংশীদাৰিত্বই ক্রমান্বয়ে দৃঢ়তৰ হৈ আগবাঢ়ি যাব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে। দুয়োখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপ...