March 5, 2025 12:49 PM

views 10

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালিৰে পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কৰ্মচাৰীসকলৰ কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালিৰে পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কৰ্মচাৰীসকলে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি বেতনসহ বকেয়া প্রদান, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি সম কাম-সম বেতন আৰু সমান সুযোগ সুবিধাৰ দাবীত তিনিদিনীয়া কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ণ কৰিছে। কামৰূপ জিলাত আজি দ্বিতীয় দিনা এহেজাৰৰো অধিক কৰ্মচাৰীয়ে কর্মবিৰতিত অংশ লয়। শিৱসাগৰ, ধেমাজি, শিলচৰ, দক্ষিণ শালমাৰা মানকাচৰ, বৰপেটা বজালী জিলাতো এন এইচ এমৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলেও প্ৰাপ্য অধিকাৰৰ দাবীত কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ণ কৰাৰ...