July 9, 2024 12:16 PM
20
উইম্বলডন টেনিছত ছাৰ্বিয়াৰ ন’ভাক জক’ভিছ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেইলৰ ফ্ৰীটজ কোৱাৰ্টাৰ ফাইনেলত
উইম্বলডন টেনিছ প্রতিযোগিতাত কালি পুৰুষৰ ছিংগলছৰ ত্ৰয়োদশ বাছনিপ্ৰাপ্ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ খেলুৱৈ টেইলৰ ফ্ৰীটজে চতুৰ্থ বাছনিপ্ৰাপ্ত জাৰ্মানীৰ আলেকজেণ্ডাৰ জেভেৰেভক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ খেলুৱৈগৰাকীয়ে খেলখনত ৬-৪, ৭-৬, ৪-৬, ৬-৭, ৩-৬ ছেটত বিজয় অৰ্জন কৰে। ইপিনে পুৰুষৰ ছিংগলছত সাতবাৰৰ চেম্পিয়ন তথা দ্বিতীয় বাছনিপ্ৰাপ্ত ছাৰ্বিয়াৰ ন’ভাক জক’ভিছে পঞ্চদশ বাছনিপ্রাপ্ত ডেনমাৰ্কৰ হ'লগাৰ ৰুনেক ৬-৩, ৬-৪, ৬-২ ছেটত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। একেদৰে শীৰ...