August 28, 2025 9:15 PM August 28, 2025 9:15 PM

views 13

ইউ এছ অপেন টেনিছৰ পুৰুষৰ ছিংগলছত তাৰকা খেলুৱৈ ন’ভাক জ’ক’ভিচৰ আধিপত্য অব্যাহত

তাৰকা খেলুৱৈ ন’ভাক জ’ক’ভিচে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাচাৰী স্বাজডাক পোনপটীয়া ছেটত পৰাস্ত কৰি ইউ এছ অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত আধিপত্য অব্যাহত ৰাখিছে। ছাৰ্বিয়াৰ খেলুৱৈগৰাকীয়ে স্বাজডাক ৬-৩, ৬-৩, ৬-১ ছেটত পৰাস্ত কৰে। ইপিনে, প্রতিযোগিতাৰ পুৰুষৰ ছিংগছৰ আন এখন খেলত স্পেইনৰ কাৰ্লোৰ্ছ অস্কাৰাজে ইটালীৰ মাটিয়া বেলুচীক ৬-১, ৬-০, ৬-৩ ছেটত পৰাভূত কৰে। মহিলাৰ ছিংগলছত জাপানৰ নাওমী ওছাকাই বেলজিয়ামৰ গ্ৰীট মিনেনক ৬-৩, ৬-৪ পোনপটীয়া ছেটত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। মহিলাৰ ছিংগলছৰ আন এখন...

June 1, 2025 3:42 PM June 1, 2025 3:42 PM

views 19

ফ্ৰেন্স অপেন টেনিছত নভাক জ’ক’ভিছ আৰু জানিক চিনাৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ

■ নভাক জ’ক'ভিছ আৰু বিশ্ব ৰেংকিঙৰ প্ৰথম স্থানত থকা জানিক চিনাৰে ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰিছে। দুয়োগৰাকী খেলুৱৈ যোৱা নিশা নিজৰ নিজৰ খেলত জয়লাভেৰে চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰে। খেলুৱৈ জীৱনৰ ২৫ সংখ্যক গ্ৰেণ্ডস্লাম বিজয়ৰ লক্ষ্যৰে ফ্ৰেন্স অপেনত প্ৰতিদ্বন্দিতা কৰা নভাক জ'ক'ভিছে অষ্ট্ৰেলিয়াৰ ফিলিপ মিছ'লিকক ৬-৩, ৬-৪, ৬-২ ছেটত পৰাস্ত কৰে। তেওঁ কোৱাৰ্টাৰ ফাইনেলত ব্ৰিটেইনৰ কেমেৰ'ন নুৰিৰ বিৰুদ্ধে খেলিব। আনহাতে, জানিক চিনাৰে চেকোশ্লোভাকিয়াৰ জিৰি লেহেকাক ৬-০, ৬–১, ৬–২ ছেটত পৰাস...