June 4, 2025 11:31 AM
13
নৰৱে দবা প্রতিযোগিতাত আমেৰিকাৰ গ্ৰেণ্ডমাষ্টাৰ ফেবিয়ানো কাৰুয়ানাক পৰাস্ত ভাৰতীয় অর্জুন এৰিগাইচিৰ
নৰৱে দবা প্রতিযোগিতা ২০২৫ত যোৱা নিশা ভাৰতীয় অর্জুন এৰিগাইচিয়ে আমেৰিকাৰ গ্ৰেণ্ডমাষ্টাৰ ফেবিয়ানো কাৰুয়ানাক অষ্টম ৰাউণ্ডত পৰাস্ত কৰে। আনহাতে, অষ্টম ৰাউণ্ডত আমেৰিকাৰ গ্ৰেণ্ডমাষ্টাৰ হিকাৰু নাকামুৰাই বিশ্ব চেম্পিয়ন ডি গুকেশক পৰাস্ত কৰে। আকৰ্ষণীয় খেলখনত হিকাৰু নাকামুৰাই তৃতীয় ৰাউণ্ডৰ পৰাজয়ৰ প্ৰতিশোধ ল'বলৈ সক্ষম হয়। ইফালে বিশ্বৰ ১ নম্বৰ স্থানৰ খেলুৱৈ মেগনাছ কাৰ্লচেনেও চীনৰ গ্ৰেণ্ডমাষ্টাৰ ৱেই য়িৰ বিৰুদ্ধে খেলি পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হয়। মহিলাৰ শাখাত ভাৰতীয় গ্রেণ্ডমাষ্টাৰ বৈশালি ৰমেশবাবুৱে...