July 14, 2025 10:59 AM July 14, 2025 10:59 AM

views 9

উত্তৰ গুৱাহাটীৰ ৰংমহল অগ্নিকাণ্ডত সুলভ মূল্য দোকানসহ এটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভষ্মিভূত

● যোৱা নিশা উত্তৰ গুৱাহাটীৰ ৰংমহল নাজিৰাখাটত সংঘটিত অগ্নিকাণ্ডত এখন সুলভ মূল্য দোকানসহ এটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভষ্মিভূত হয়। টংকেশ্বৰ দাস নামৰ এজন লোকৰ ঘৰত সংঘটিত এই অগ্নিকাণ্ডৰ সময়ত তেওঁৰ লগতে পৰিয়ালৰ লোকসকল শুই আছিল। অৱশ্যে এই অগ্নিকাণ্ডত পৰিয়ালটোৰ সদস্যসকল কথমপি ৰক্ষা পৰে। ছৰ্টছাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। স্থানীয় ৰাইজৰ সহযোগত অগ্নিনির্বাপক বাহিনীয়ে তৎপৰতাৰে জুই নিৰ্বাপিত কৰিবলৈ সমৰ্থ হয়।

May 9, 2024 8:05 PM May 9, 2024 8:05 PM

views 7

গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা পুনৰ আৰম্ভ

♦ ব্ৰহ্মপুত্ৰৰ জলস্তৰ সামান্য নিম্নগামী হোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা আজি পুনৰ আৰম্ভ কৰা হৈছে। জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে যোৱা ৬ মে'ৰ পৰা ফেৰী সেৱা বন্ধ হৈ আছিল। আজি উত্তৰ গুৱাহাটীৰ ৩ টা ঘাট, মধ্যমখণ্ড, ৰজাদুৱাৰ আৰু মাজগাও ঘাটৰ পৰা ফেৰী সেৱা আৰম্ভ হয়। উল্লেখযোগ্য অভ্যন্তৰীণ জল পৰিবহন বিভাগে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৩ দিন ফেৰী সেৱা বন্ধ ৰখাৰ ফলত যাত্ৰীসকলৰ সমস্যাৰ সৃষ্টি হৈছিল।