March 11, 2025 12:57 PM
15
হোলী উৎসৱৰ পূৰ্বে উত্তৰ ৰে’লৱেৰ ৪০০ খনতকৈও অধিক বিশেষ ৰে’লৰ চলাচল আৰম্ভ
সমাগত হোলী উৎসৱৰ পূৰ্বে যাত্ৰীসকলৰ সুবিধা হোৱাকৈ উত্তৰ ৰে'লৱেই ৪০০ খনতকৈও অধিক বিশেষ ৰে'লৰ চলাচল আৰম্ভ কৰিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত উত্তৰ ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া হিমাংশু শেখৰ উপাধ্যায়ে কয়, যে যাত্ৰীসকলৰ সুবিধার্থে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ উল্লেখ কৰে যে, ৰাষ্ট্ৰীয় ৰাজধানীৰ নতুন দিল্লী, আনন্দবিহাৰ আৰু হজৰত নিজামুদ্দিন ৰে'লৱে ষ্টেছনত যাত্ৰীৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে ক্ষুদ্র নিয়ন্ত্ৰণ কক্ষ আৰু জিৰণী চ'ৰাৰো ব্যৱস্থা কৰ...