December 23, 2024 8:06 PM

views 12

উত্তৰ-পূৰ্বাঞ্চলৰ খ্ৰীষ্টধৰ্মী ৰাজ্যসমূহত বৰদিনৰ ব্যাপক প্ৰস্তুতি, আলোকসজ্জাৰে সজ্জিত গিৰ্জাসমূহ

বৰদিনলৈ মাজত এদিন বাকী থকা অৱস্থাত উত্তৰ-পূৰ্বাঞ্চলৰ খ্ৰীষ্টধৰ্মী ৰাজ্যসমূহত বৰদিনৰ আনন্দোল্লাস আৰম্ভ হৈছে। এই উপলক্ষে গিৰ্জাঘৰৰ লগতে নিজ নিজ বাসগৃহসমূহ ৰং-বিৰঙী ফুল, তৰা, খ্ৰীষ্টমাছ ট্ৰী আৰু আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। কাইলৈ মাজনিশাৰ পৰা গির্জাসমূহত বৰদিনৰ বিশেষ সমূহীয়া প্ৰাৰ্থনাৰ লগতে কেৰল পৰিৱেশন কৰা হ'ব। প্ৰভু যীশুৰ প্ৰশংসা আৰু স্তুতি গীতেৰে ইতিমধ্যে গির্জাসমূহ মুখৰ হৈ পৰিছে। বৰদিন উপলক্ষে শ্বিলঙৰ পুলিচ বজাৰকে ধৰি বিভিন্ন অঞ্চলত শীতক নেওচি উছাহ-উদ্দীপনা পৰিলক্ষিত হৈছে। বৰদিনৰ আনন্দোৎস...