January 24, 2026 9:44 PM

views 4

আজি নিশাৰে পৰা পৰৱৰ্তী ১৫ দিনলৈ চানমাৰী উৰণ সেতুখনৰ এটা পথৰ যান-বাহনৰ চলাচল বন্ধ

দিঘলীপুখুৰীৰ পৰা নুনমাটীলৈ নির্মীয়মান উৰণ সেতুখন চানমাৰী উৰণ সেতুৰ সৈতে সংযোগ কৰণৰ কাম চলি থকাৰ পৰিপ্ৰেক্ষিতত উৰণ সেতুখনেৰে পৰৱৰ্তী ১৫ দিনলৈ যান-বাহনৰ চলাচল কিছু নিয়ন্ত্ৰণ কৰা হ'ব। মহানগৰ যান-বাহন আৰক্ষীয়ে আজি সাংবাদিকৰ আগত এই বিষয়ে প্রকাশ কৰে। সেই অনুসৰি আজি নিশাৰে পৰা পৰৱৰ্তী ১৫ দিনলৈ উৰণ সেতুখনৰ এটা পথেৰে যান-বাহনৰ চলাচল বন্ধ কৰি দিয়া হ'ব। এই যান-বাহনসমূহে ৰাজগড়-ভঙাগড় পথেৰে যাত্ৰা কৰিব লাগিব বুলি গুৱাহাটী মহানগৰ যান-বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই প্ৰকাশ কৰে।