October 3, 2024 7:39 PM

views 24

ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস পালন

মহাত্মা গান্ধীৰ জয়ন্তীৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰসংঘই কালি আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস পালন কৰে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুট্টাৰেছে কয় যে ইউক্রেইনৰ পৰা ছুডান, পশ্চিম এছিয়াকে ধৰি বিভিন্ন ধ্বংসাত্মক কার্যকলাপৰ মাজতে এই দিৱস পালন কৰা হয়। তেওঁ কয় যে মহাত্মা গান্ধীয়ে অস্ত্ৰ-শস্ত্ৰৰ ক্ষমতাৰ বিপৰীতে মানৱতাৰ বাবে অহিংসাই পৰম ধৰ্ম বুলি বিশ্বাস কৰিছিল। ৰাষ্ট্ৰসংঘৰ সূচী আৰু গান্ধীৰ মতাদৰ্শ সন্দৰ্ভত আয়োজন কৰা বৈঠকত সাধাৰণ সভাৰ সভাপতি ফিল’মেন য়াঙে কয় গান্ধীৰ সত্যাগ্ৰহৰ ধাৰণাই দক্ষিণ আফ্ৰিকাত ন...