July 31, 2025 9:17 AM

views 18

পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ অন্তিম সময়সীমা ১৫ আগষ্টলৈ বৃদ্ধি

পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ অন্তিম সময়সীমা অহা ১৫ আগষ্টলৈ বৃদ্ধি কৰা হৈছে। ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলৰ জৰিয়তে অনলাইন ব্যৱস্থাৰেহে এই মনোনয়নসমূহ গ্ৰহণ কৰা হ'ব। অহা বছৰৰ গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি এই পদ্ম বঁটাসমূহ ঘোষণা কৰা হ'ব। পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী আদি হৈছে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান।