August 9, 2024 11:58 AM

views 14

বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে নোবেল ব’টাপ্রাপক মহম্মদ ইউনুছৰ শপতগ্ৰহণ

নোবেল ব'টাপ্রাপক মহম্মদ ইউনুছে বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে শপতগ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে যোৱানিশা ঢাকাৰ বংগ ভৱনত তেওঁক শপতবাক্য পাঠ কৰোৱায়। অনুষ্ঠানত বিভিন্ন দেশৰ কূটনীতিবিদ উপস্থিত থাকে। ১৯৪০ চনৰ ২৮ জুনত জন্মগ্ৰহণ কৰা মহম্মদ ইউনুছ বাংলাদেশৰ এগৰাকী প্ৰসিদ্ধ উদ্যমী, বেংকাৰ আৰু অৰ্থনীতিবিদ। গ্রামীণ বেংকৰ প্ৰতিষ্ঠা আৰু ক্ষুদ্ৰ ঋণ আৰু বিত্তীয় যোগানৰ অৱধাৰণা আগুৱাই নিয়াৰ বাবে তেওঁক ২০০৬ বৰ্ষত শান্তিৰ নোবেল বঁটাৰে সন্মানিত কৰা হৈছিল। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয...