May 29, 2025 8:16 PM

views 39

সমগ্র শিক্ষা অসমে বিশ্ব ধঁপাত বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি অহা ৩১ মে’ত সকলো বিদ্যালয়তে বিশেষ কার্যসূচী গ্ৰহণ কৰিবলৈ নিৰ্দেশ

সমগ্র শিক্ষা অসমে বিশ্ব ধঁপাত বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি অহা ৩১ মে'ত সকলো বিদ্যালয়তে বিশেষ কার্যসূচী গ্ৰহণ কৰিবলৈ সকলো জিলাৰে বিদ্যালয়সমূহৰ পৰিদৰ্শক, জিলা প্রাথমিক শিক্ষা বিষয়া আৰু জিলা মিছন সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰিছে। এই দিনটোত প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ধপাত আৰু ধঁপাতজাতীয় সামগ্ৰী সেৱনৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে কুইজ, ৰচনা, শ্ল’গান লিখা প্রতিযোগিতা, বাটৰ নাট, স্বাক্ষৰ অভিযান, তথ্য চিত্ৰ প্ৰদৰ্শন, ৰেলী আদিৰ আয়োজন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

May 31, 2024 12:27 PM

views 30

আজি বিশ্ব ধঁপাত বিৰোধী দিৱস

আজি বিশ্ব ধঁপাত বিৰোধী দিৱস। ধঁপাত সেৱনৰ বাবে ৰাজ্যত প্ৰতি বছৰে হাজাৰ হাজাৰ লোক কৰ্কট ৰোগত আক্ৰান্ত হৈছে। তথ্য অনুসৰি যোৱা ৫ বছৰত ৰাজ্যত এক লাখ ৯৪ হাজাৰ লোক কৰ্কট ৰোগত আক্ৰান্ত হৈছে। ইয়াৰ বিপৰীতে এক লাখ ১৪ হাজাৰ লোকে এই ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়ালকল্যাণ মন্ত্ৰালয়ৰ মতে অসমত কৰ্কট আক্রান্ত ৰোগীৰ ভিতৰত ৪৮ শতাংশ‍ই ধঁপাত সেৱন কৰে। সেয়ে ধঁপাত সেৱনৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই ধঁপাত বিৰোধী দিৱস অসমতো পালন কৰা হৈছে। এই দিৱস উপলক্ষে ডাঃ বি বৰুৱা কৰ্কট ...