May 31, 2025 8:27 PM

views 98

বিশ্বৰ আন প্ৰান্তৰ লগতে ভাৰততো বিশ্ব ধপাত বিৰোধী দিৱস পালন

বিশ্বৰ আন আন প্ৰান্তৰ লগতে ভাৰততো আজি বিশ্ব ধপাত বিৰোধী দিৱস পালন কৰা হৈছে। ধপাতমুক্ত এখন সুন্দৰ সমাজ গঢ়াৰ লক্ষ্যৰে প্ৰতি বছৰে বিশ্ব স্বাস্থ্য সংস্থাই এই দিৱস পালন কৰি আহিছে। অসমতো আজি বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন কৰা হয়।

May 31, 2024 8:18 PM

views 64

ধঁপাতে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনেঃ কেন্দ্রীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰা

♦ কেন্দ্রীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰাই ধঁপাতে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত শ্ৰী চন্দ্ৰাই ভাৰতত ধঁপাত সেৱনৰ ফলত হোৱা বিভিন্ন ৰোগৰ ফলত বছৰি ১৩ লাখ লোক মৃত্যু মুখত পৰে বুলি প্ৰকাশ কৰে । ধঁপাত সেৱনৰ ফলত দেশৰ স্বাস্থ্য সেৱা ব্যৱস্থাত আর্থিক উন্নয়নত বাধাৰ সৃষ্টি কৰে বুলি প্ৰকাশ কৰে। তেওঁ লগতে কয় যে, চৰকাৰে দেশত ধঁপাতজাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে আ...

May 31, 2024 6:03 PM

views 68

সমগ্ৰ দেশৰ লগতে অসমতো বিশ্ব ধঁপাত বিৰোধী দিৱস পালন

সমগ্ৰ দেশৰ লগতে অসমতো আজি বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয়। ধঁপাত সেৱনৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস পলন কৰা হয়। গোৱালপাৰা জিলাৰ বিভিন্ন স্থানত এই দিৱস উপলক্ষে জিলা স্বাস্থ্য বিভাগে স্বাস্থ্য কেন্দ্ৰসমূহৰ উপৰি বিদ্যালয়ে বিদ্যালয়ে বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰে। বিদ্যালয়সমূহত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে ৰচনা প্রতিযোগিতাও অনুষ্ঠিত হয়। বৰপেটা জিলা স্বাস্থ্য বিভাগ আৰু ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয় হাস্পতালেও এই দিৱস পালন কৰে। চিকিৎসা মহাবিদ্যালয়খনৰ উদ্যোগত এটা সমদল উলিওৱা হয়...