October 19, 2024 8:21 PM

views 17

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বাসগৃহত ড্রোন আক্রমণ

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বাসগৃহত আজি পুৱা ড্রোন আক্রমণ সংঘটিত হয়। প্রাপ্ত বাতৰি অনুসৰি হিজবুল্লাই কেইছেৰিয়া এলেকাস্থিত নেতান্যাহুৰ বাসগৃহলৈ লক্ষ্য কৰি এটা ড্রোন নিক্ষেপ কৰে ৷ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ মুখপাত্ৰগৰাকীয়ে কৈছে যে, আক্ৰমণৰ সময়ত প্রধানমন্ত্রী বাসগৃহত নাছিল। এই আক্ৰমণত কোনো লোক হতাহত হোৱা বাতৰি পোৱা হোৱা নাই৷ ইজৰাইলৰ সেনা বাহিনীয়ে দেশখনৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহত থকা মধ্যভাগৰ চহৰখনত ড্রোন আক্ৰমণ সংঘটিত হোৱাৰ কথা নিশ্চিত কৰিছে। সেনা বাহিনীয়ে লগতে হিজবুল্লাই নিক্ষেপ কৰা...