December 4, 2024 8:46 PM

views 10

বাওপন্থী উগ্ৰবাদৰ বিভিষিকাৰ পৰা মুক্ত কৰা হৈছে বুলি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ৰ প্ৰকাশ

চৰকাৰে বিগত ৫ বছৰত দেশৰ ৬০ খন জিলাক বাওপন্থী উগ্ৰবাদৰ বিভিষিকাৰ পৰা মুক্ত কৰা হৈছে বুলি প্ৰকাশ কৰিছে। ৰাজ্যসভাত আজি এটা লিখিত উত্তৰত এই কথা সদৰি কৰি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে, বাওপন্থী উগ্ৰবাদৰ সমস্যা দূৰ কৰাৰ বাবে ৰাষ্ট্ৰীয় নীতি আৰু কাৰ্যপৰিকল্পনাৰ কঠোৰ ৰূপায়ণৰ পাছত হিংসা আৰু উগ্ৰবাদৰ ভৌগলিক সম্প্ৰসাৰণ যথেষ্ট হ্ৰাস পাইছে। মন্ত্ৰীগৰাকীয়ে কয়, যে যোৱা বছৰত বাওপন্থী উগ্ৰবাদজনিত হিংসাৰ ঘটনা ২০১০ চনৰ তুলনাত ৭৩ শতাংশ হ্রাস পায়। তেওঁ কয়, যে এনে ঘটনাত নিহত সুৰক্ষা বাহিনী ...