November 20, 2025 7:57 PM November 20, 2025 7:57 PM
14
জে ডি ইউৰ মুৰব্বী নীতিশ কুমাৰে দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ
জে ডি ইউৰ মুৰব্বী নীতিশ কুমাৰে আজি দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল আফি মহম্মদ খানে পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত আয়োজিত অনুষ্ঠানত নীতিশ কুমাৰক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ লগতে মুঠ ২৭ গৰাকী বিধায়কে মন্ত্ৰী পদৰ শপত বাক্য পাঠ কৰে। সম্রাট চৌধুৰী, বিজয় কুমাৰ সিন্হা, মংগল পাণ্ডে, নীতিন নবীন, দিলীপ জয়ছোৱাল আৰু ৰামকৃপাল যাদৱসহ বিজেপিৰ কেইবাগৰাকীও নেতাই নতুন মন্ত্রীসভাত স্থান লাভ কৰিছে। জে ডি ইউৰ লেচি সিং, শ্ৰৱণ কুমাৰ, বিজে...