January 20, 2026 11:25 AM

views 38

বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীন দলৰ নতুন সভাপতিৰ পথত

বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীন দলৰ নতুন সভাপতি হ'বলৈ আগবাঢ়িছে। দলটোৰ ৰাষ্ট্ৰীয় ৰির্টানিং বিষয়া ড০ কে লক্ষ্মণে জনোৱা মতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে কেৱল নীতিন নবীনৰ নাম প্ৰস্তাৱ কৰা হয়। আজি আনুষ্ঠানিকভাৱে নতুন ৰাষ্ট্ৰীয় সভাপতি হিচাপে তেওঁক নিৰ্বাচনৰ কথা ঘোষণা কৰা হ'ব বুলি ড০ লক্ষ্মণে প্ৰকাশ কৰে। তেওঁ কয়, যে নীতিন নবীনৰ সপক্ষে ৩৭ খন মনোনয়ন পত্ৰ লাভ কৰা হৈছিল আৰু মনোনয়ন পত্ৰসমূহ পৰীক্ষাৰ সময়ত সকলোবোৰ সঠিকভাৱে পূৰণ কৰাৰ লগতে বৈধ হিচাপে বিবেচিত হয়। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে প...