January 22, 2025 12:17 PM January 22, 2025 12:17 PM
5
গোৱাত কেইবাটাও ঘাইপথ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ
কেন্দ্ৰীয় পথ পৰিবহন আৰু গাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি গোৱাত কেইবাটাও ঘাইপথ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি দেশৰ নামত উৎসৰ্গা কৰে। গোৱাত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই প্রকল্পসমূহে ৰাজ্যখনৰ নদী, পৰ্যটন আৰু আমদানি-ৰপ্তানি খণ্ডৰ উন্নয়নত বিশেষ অৰিহণা যোগাব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গোৱাক প্ৰদূষণমুক্ত আৰু দুৰ্ঘটনামুক্ত কৰিবলৈ গোৱা চৰকাৰক বিশেষ আহ্বান জনায়। ঘাইপথসমূহৰ কাষত গছপুলি ৰোপণৰ সুযোগ লবলৈও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গোৱা চৰকাৰক পৰামৰ্শ আগবঢ়ায় ।