October 15, 2024 11:14 AM

views 30

নতুন দিল্লীত আধ্যাত্মিক গুৰুমাতা নিৰ্মলা দেৱীৰ জন্মশতবার্ষিকীৰ সৈতে সংগতি ৰাখি স্মাৰক মুদ্ৰা মুকলি

কেন্দ্ৰীয় পথ, পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি নতুন দিল্লীত আধ্যাত্মিক গুৰুমাতা নিৰ্মলা দেৱীৰ জন্মশতবার্ষিকী উদযাপনৰ সৈতে সংগতি ৰাখি এটা স্মাৰক মুদ্ৰা মুকলি কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্রীগাডকাৰীয়ে কয় যে, ভাৰতৰ সংস্কৃতি আৰু ঐতিহ্যই সদায়েই বিশ্বক আকৰ্ষণ কৰি আহিছে। মাতা নিৰ্মলা দেৱীৰ মহান কৰ্মৰাজিৰ বিষয়ে উল্লেখ কৰি শ্ৰীগাডকাৰীয়ে কয় যে, তেওঁ মানৱতাক ইতিবাচক দিশ প্ৰদান কৰিছে। অনুষ্ঠানত ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ সঞ্চালক ড° ভি আৰ মনিকে ধৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি অংশগ্ৰহণ কৰে ।