December 18, 2025 12:09 PM December 18, 2025 12:09 PM
13
বিগত ৫ বছৰত অসমত পথ দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে
অসমত যোৱা ৫ বছৰত পথ দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। এই সময়ছোৱাত ৰাজ্যখনত ১৫ হাজাৰ ৩০৬ জন লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে। ৰাজ্যসভাত কালি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে এই তথ্য প্ৰকাশ কৰিছে। কংগ্ৰেছ সাংসদ দিগ্বিজয় সিং আৰু ৰঞ্জিত ৰঞ্জনে উত্থাপন কৰা এটা প্রশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়, যে দেশত তুলনামূলকভাৱে পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ হ্ৰাস পাইছে। কিন্তু লক্ষণীয়ভাৱে বিগত ৫ বছৰত অসমত পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ ২৭.৪৬ শতাংশ বৃদ্ধি পাইছে। সদনত দাখিল কৰা তথ্যমতে ২...