June 16, 2025 1:20 PM

views 13

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গার্ডেনত অনুষ্ঠিত ছুপাৰ ৱেলটাৰৱেইটত নিশান্ত দেৱৰ জয়লাভ

ভাৰতীয় খেলুৱৈ নিশান্ত দেৱে নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গার্ডেনত অনুষ্ঠিত ছুপাৰ ৱেলটাৰৱেইটত বিচাৰকৰ সৰ্বসন্মত সিদ্ধান্তৰ জৰিয়তে জোছু ছিলভাক ৬০-৫৪ ব্যৱধানত পৰাস্ত কৰি দ্বিতীয়খন পেছাদাৰী যুঁজত জয়লাভ কৰে। শেহতীয়াকৈ পেছাদাৰী খেলত অংশগ্ৰহন কৰিবলৈ লোৱা ২৪ বছৰীয়া নিশান্ত দেৱে চলিত বৰ্ষৰ জানুৱাৰী মাহত এলটন উইগিন্সৰ বিৰুদ্ধে জয়লাভ কৰি অভিষেক খেলত জয়লাভ কৰিছিল। ২০২৪ বৰ্ষৰ পেৰিছ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত নিশান্তই মেক্সিকোৰ মাৰ্কো ভাৰ্ডেৰ হাতত পৰাস্ত হৈছিল।