July 10, 2025 12:19 PM

views 29

এন বি এফ চি চিম্পোজিয়াম ২০২৫ত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ভাষণ

অনা বেংকীয় বিত্তীয় প্ৰতিষ্ঠানসমূহে গ্ৰাহক সুৰক্ষা,বিপদ ব্যৱস্থাপনাক একত্ৰিত কৰি প্ৰতিষ্ঠানৰ নৈতিকতা তথা মূল বৈশিষ্ট্যত অন্তর্ভুক্ত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে গুৰুত্ব আৰোপ কৰে। নতুন দিল্লীত এন বি এফ চি চিম্পোজিয়াম ২০২৫ ত ভাষণ দি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে অনা বেংকীয় বিত্তীয় প্রতিষ্ঠানসমূহ পৰিপক্ক হোৱাৰ লগে লগে বিপদ ব্যৱস্থাপনাৰ ক্ষেত্ৰতো গুৰুত্ব বৃদ্ধি পাব লাগে। শ্ৰী সীতাৰমণে লগতে উল্লেখ কৰে যে শেহতীয়াকৈ লোৱা বিভিন্ন নিয়ন্ত্রণমূলক ব্যৱস্থাই ঋণৰ সম্ভ...

January 24, 2025 4:47 PM

views 28

দিল্লীত কেন্দ্রীয় বাজেট প্রস্তুতি প্ৰক্ৰিয়াৰ অন্তিম পৰ্যায়ৰূপে জনাজাত হল্‌ৱা সমাৰোহত বিত্তমন্ত্রী সীতাৰমনে অংশগ্ৰহণ কৰিব

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে আজি নতুন দিল্লীত কেন্দ্রীয় বাজেট প্রস্তুতি প্ৰক্ৰিয়াৰ অন্তিম পৰ্যায়ৰূপে জনাজাত হল্‌ৱা সমাৰোহত অংশগ্ৰহণ কৰিব। পৰম্পৰা অনুযায়ী বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী, মন্ত্ৰালয়ৰ সচিব আৰু জ্যেষ্ঠ বিষয়াসকল এই সমাৰোহত উপস্থিত থাকিব। পহিলা ফেব্ৰুৱাৰীত সংসদত কেন্দ্ৰীয় বাজেট উত্থাপন কৰা হ'ব। পৰম্পৰা অনুযায়ী হল্‌ৱা সমাৰোহৰ পাছত বিত্ত মন্ত্ৰালয়ৰ কোনো বিষয়াই মন্ত্ৰ্যালয় চৌহদ ত্যাগ কৰিব নোৱাৰে। সংসদত বাজেট উত্থাপন কৰাৰ পাছতহে বাজেট দলৰ সদস্যসকলে মন্ত্ৰালয় ত্যাগ ...

November 12, 2024 8:45 AM

views 18

এছিয়াৰ আন্তঃগাঁথনি বিনিয়োগ বেংক, এ আই আই বিৰ প্ৰতিনিধিসকলৰ সৈতে বিত্তমন্ত্ৰী সাতাৰমণৰ বৈঠক

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি নতুন দিল্লীত এছিয়াৰ আন্তঃগাঁথনি বিনিয়োগ বেংক, এ আই আই বিৰ প্ৰতিনিধিসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত বেংকটোৰ সঞ্চালক মণ্ডলীৰ ১১ গৰাকী প্ৰতিনিধিয়ে ভাগ লয়। যোৱা ৯ বছৰত লাভ কৰা উল্লেখযোগ্য সফলতাৰ বাবে মন্ত্ৰী শ্ৰীমতী সীতাৰমনে বেংকটোৰ ভূয়সী প্রশংসা কৰে। তেওঁ ৰাজহুৱা ডিজিটেল আন্তঃগাঁথনি নিৰ্মাণ আৰু এই সমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতক শক্তিশালী বৃহৎ আৰ্থিক ভেটি আৰু নেতৃত্বৰ কথা উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে বেংকটোৱে অনুকূল জলবায়ু, আন্তঃগাঁথনিৰ শক্ত...

July 28, 2024 8:08 PM

views 21

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা কৰ্ণাটকলৈ কৰ হস্তান্তৰণ সন্দৰ্ভত ভুৱা বাতৰি বিয়পোৱা বাবে বিৰোধী তথা কৰ্ণাটক চৰকাৰক কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সমালোচনা

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা কৰ্ণাটকলৈ কৰ হস্তান্তৰ কৰা সন্দৰ্ভত ভুৱা বাতৰি বিয়পোৱাৰ বাবে বিৰোধী তথা কৰ্ণাটক ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। বেংগালুৰুত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিত্তমন্ত্ৰীগৰাকীয়ে ইউ পি এ আৰু এন ডি এ চৰকাৰৰ সময়ছোৱাত কৰ্ণাটকলৈ দিয়া ধনৰ আৱণ্টনৰ তুলনামূলক তথ্য প্ৰকাশ কৰে। তেওঁ কয় যে, ৰাজ্যখনে ২০০৪ চনৰ পৰা ২০১৪ চনৰ সময়ছোৱাত ৮১,৭৯১ কোটি টকা লাভ কৰিছে। ইয়াৰ বিপৰীতে ২০১৪ৰ পৰা ২০২৪ চনৰ এন ডি এ চৰকাৰৰ সময়ছোৱাত ৰাজ্যখনে পূৰ্বৰ ত...

June 23, 2024 11:34 AM

views 24

তীখা, লো আৰু এলুমিনিয়ামেৰে নিৰ্মিত গাখীৰৰ সৰু পাত্ৰৰ ওপৰত ১২ শতাংশৰ সমহাৰৰ কৰ আৰোপৰ পৰামৰ্শ সামগ্ৰী আৰু সেৱাকৰ পৰিষদৰ

সামগ্ৰী আৰু সেৱাকৰ পৰিষদে তীখা, লো আৰু এলুমিনিয়ামেৰে নিৰ্মিত গাখীৰৰ সৰু পাত্ৰৰ ওপৰত ১২ শতাংশৰ সমহাৰৰ কৰ আৰোপ কৰাৰ পৰামৰ্শ আগবঢ়াইছে। নতুন দিল্লীত অনুষ্ঠিত সামগ্ৰী আৰু সেৱাকৰ পৰিষদৰ ৫৩ সংখ্যক বৈঠকৰ অন্তত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বিত্তমন্ত্ৰী নির্মলা সীতাৰমনে লগতে ভাৰতীয় ৰে'ল বিভাগে যাত্ৰীসকললৈ আগবঢ়োৱা প্লেটফৰ্ম টিকটৰ বিক্ৰী, জিৰণি কোঠা আৰু বেটাৰী চালিত সেৱাৰ লেখীয়া সুবিধাসমূহ জি এছ টি কৰৰ আওতাৰ বাহিৰত থাকিব বুলি ঘোষণা কৰে। তেওঁ কয় যে, জম্মু-কাশ্মীৰ আৰু হিমাচল প্ৰদেশৰ আপেল খেতিয...

June 19, 2024 9:13 PM

views 22

আগশাৰীৰ অৰ্থনীতিবিদসকলৰে প্ৰথমলানি প্রাক্-বাজেট আলোচনা মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট প্রস্তুতিৰ অংশ হিচাপে আজি নতুন দিল্লীত আগশাৰীৰ অৰ্থনীতিবিদসকলৰ সৈতে প্ৰথমলানি প্রাক বাজেট আলোচনাত মিলিত হয়। এই বৈঠকত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰী, বিত্ত সচিব, অর্থনৈতিক পৰিক্ৰমা, ৰাজহ, বিত্তীয় সেৱা আৰু কোম্পানী পৰিক্ৰমা বিভাগৰ সচিবসকল আৰু মুখ্য অর্থনৈতিক উপদেষ্টা উপস্থিত থাকে।

June 12, 2024 5:46 PM

views 19

বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা বিভাগৰ দায়িত্বভাৰ গ্ৰহণ নির্মলা সীতাৰমনৰ

নির্মলা সীতাৰমনে আজি নতুন দিল্লীত কেন্দ্রীয় মন্ত্রীসভাৰ বিত্ত আৰু কৰ্প'ৰেট পৰিক্ৰমা বিভাগৰ দায়িত্বভাৰ গ্ৰহণ কৰে। কাৰ্যভাৰ গ্ৰহণ কৰি নৱনিযুক্ত মন্ত্ৰীগৰাকীয়ে তেওঁক পুনৰ বিত্ত আৰু কৰ্প'ৰেট পৰিক্ৰমা বিভাগৰ দায়িত্ব অর্পণ কৰা বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰে। একে সময়তে তেওঁ বিগত ১০টা বছৰৰ প্ৰধানমন্ত্ৰী মোদীৰ শক্তিশালী নেতৃত্ব তথা উন্নয়নমুখী প্ৰশাসনৰ বিষয়ে উল্লেখ কৰি কয় যে, তেওঁৰ এনে নেতৃত্বৰ বাবেই দেশখনে ভিন ভিন খণ্ডত সংস্কাৰমুখী পৰিৱৰ্তনৰ পথ দেখিবলৈ পোৱাৰ লগতে মজবু...

May 4, 2024 7:55 PM

views 29

পুণেৰ ডেক্কান মহাবিদ্যালয় ডীম্ড বিশ্ববিদ্যালয়ৰ অনুষ্ঠানত বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ অংশগ্ৰহণ

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে কৈছে যে কেন্দ্ৰীয় চৰকাৰে এখন উন্নত ভাৰতৰ ভেটি স্থাপনৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা অনুধাৱন কৰিয়েই নতুন শিক্ষানীতিত অগ্ৰাধিকাৰ প্ৰদান কৰিছে। পুণেৰ ডেক্কান মহাবিদ্যালয় ডীম্‌ম্ড বিশ্ববিদ্যালয়ে আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে ৷ তেওঁ কয় যে ২০১৪ চনৰ পূৰ্বৰ তিনিৰ পৰা চাৰি দশকত তদানীন্তন কেন্দ্ৰীয় চৰকাৰে উচ্চ শিক্ষাৰ বাবে কোনো বিশেষ ব্যৱস্থা কৰা নাছিল যদিও ২০১৪ চনৰেপৰা কেন্দ্ৰীয় চৰকাৰে উচ্চ শিক্ষ...

April 17, 2024 10:41 AM

views 29

বিগত তিনিটা বিত্তীয় বৰ্ষত ভাৰতৰ অর্থনীতি দ্রুতগতিত বৃদ্ধি হৈছে : নিৰ্মলা সীতাৰমন

কেন্দ্রীয় বিত্তমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেত্ৰী নিৰ্মলা সীতাৰমনে কয় যে বিগত তিনিটা বিত্তীয় বৰ্ষত ভাৰতৰ অর্থনীতি দ্রুতগতিত বৃদ্ধি হৈছে আৰু সমাগত বছৰবোৰতো এই বৃদ্ধি অব্যাহত থকাৰ সম্ভাৱনা আছে। জয়পুৰত কালি উদ্যোগপতি আৰু ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰি শ্ৰীমতী সীতাৰমনে কয় যে অহা ২৫ বছৰ ভাৰতৰ বাবে অতি কঠিন হ'ব। ২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতত আঠ শতাংশ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। তেওঁ কয় যে ভাৰতৰ অৰ্থনীতিৰ বিশ্বাসযোগ্যতাৰ বাবেই বিদেশী বিনিয়োগকাৰীসকলে ভাৰতত বিনিয়োগ কৰিবলৈ আহিছে। অর্থনৈতিক নীতি,...

March 31, 2024 6:55 PM

views 33

চলিত বিত্তীয় বৰ্ষৰ চতুর্থ ত্রিমাষিকত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৮ শতাংশ বা তাতকৈ অধিক হ’বঃ বিত্ত মন্ত্রী নির্মলা সীতাৰমন

কেন্দ্ৰীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কৈছে যে চলিত বিত্তীয় বৰ্ষত চতুর্থ ত্রিমাষিকত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৮ শতাংশ বা তাতকৈ অধিক হ'ব। মুম্বাইত আয়োজিত এখন বিনিয়োগ সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কালি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে উন্নত মুদ্রাস্ফীতি ব্যৱস্থাপনা আৰু স্থূল অর্থনৈতিক সুস্থিৰতাৰ বাবে ২০২৩-২৪ বিত্তীয় বৰ্ষত অৰ্থব্যৱস্থাৰ বিকাশ হাৰ একেই হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে ভাৰত এছিয়াৰ তৃতীয় সর্ববৃহৎ অর্থব্যৱস্থা। অক্টোবৰৰ পৰা ডিচেম্বৰ পৰ্যন্ত ভাৰতৰ অৰ্থব্যৱস্থাৰ বিকাশ হাৰ ৮.৪ শত...