July 31, 2024 6:08 PM

views 14

২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত ৰাজ্যসভাত বিত্তমন্ত্ৰী সীতাৰমনে মন্তব্য

২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেট দেশৰ অগ্ৰাধিকাৰৰ বিষয়সমূহ যেনে - উন্নয়ন, কর্ম সংস্থাপন সৃষ্টি, কল্যাণ, মূলধনী ব্যয় আৰু বিত্তীয় একত্ৰীকৰণৰ মাজত ভাৰসাম্য ৰক্ষা কৰি যুগুত কৰা হৈছে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি ৰাজ্যসভাত প্ৰকাশ কৰে। ৰাজ্যসভাত আজি বাজেট সম্পৰ্কীয় আলোচনাৰ উত্তৰত তেওঁ এই কথা উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰে ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সৰকা প্ৰয়াস’ৰ নীতিত বিশ্বাস ৰাখি আহিছে বুলি মন্তব্য কৰি তেওঁ কয় যে বাজেটখনে সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয়বাদৰ নীতিত অটল আস্থা ৰখাকে প্...