October 1, 2025 9:01 PM

views 26

নাগালেণ্ডত নেৰা নেপেৰা বৰষুণৰ ফলত নিপকোৰ দৈয়াং নদীৰ বান্ধৰ পানীৰ স্তৰ ক্ৰমাৎ বৃদ্ধি

চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত নিপকোৰ দৈয়াং নদীৰ বান্ধৰ পানীৰ স্তৰ বৃদ্ধি পাইছে। ইয়াৰ ফলত বান্ধৰ ৪খনকৈ গেট খোলা হৈছে বুলি নিপকোৰ তৰফৰ পৰা জনোৱা হৈছে। অতিৰিক্ত পানী দৈয়াং নদীৰ জৰিয়তে ধনশিৰি নদীলৈ প্ৰবাহিত কৰা হ'ব বুলি নিপকো কর্তৃপক্ষই জানিবলৈ দিছে। গোলাঘাট জিলা প্ৰশাসনে জিলাখনৰ জনসাধাৰণক বিশেষকৈ নদীপৰীয়া গাঁৱৰ লোকক নদীত গা ধোৱা, মাছ ধৰা আৰু নদীৰ পাৰত খেলাধূলা আদি কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। বিশেষকৈ কাইলৈ বিজয়া দশমীৰ কাৰ্যসূচীৰ সময়ত এই ক্ষেত্ৰত সকলোকে বিশেষ ...

June 24, 2025 1:05 PM

views 14

ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰৰ পানী উচ্চতম সীমা অতিক্ৰম কৰাৰ উপক্ৰম

● অৰুণাচল প্ৰদেশৰ উৎস অঞ্চলত হৈ থকা বৰষুণৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰৰ পানী উচ্চতম সীমা অতিক্ৰম কৰাৰ উপক্ৰম হৈছে। নীপকোৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ লখিমপুৰৰ সংবাদদাতাই জনোৱা মতে ইয়াজুলিত থকা ৰঙানদীৰ প্ৰকল্পৰ নিয়ন্ত্রণ কক্ষই বৰষুণ হৈ থাকিলে ৰঙানদী প্ৰকল্পৰ দুৱাৰ খুলি দিয়াৰ সিদ্ধান্ত ল'বলগীয়া হ'ব। ইয়াৰ ফলত ৰঙানদীৰ নামনি অংশৰ লখিমপুৰ জিলাৰ ভালেমান ঠাই প্লাৱিত হোৱাৰ আশংকা আছে।