April 22, 2025 8:56 PM

views 52

কবি নীলিম কুমাৰলৈ চলিত বছৰৰ ড০ চি নাৰায়ণ ৰেড্ডী ৰাষ্ট্ৰীয় সাহিত্য বঁটা

কবি নীলিম কুমাৰলৈ চলিত বছৰৰ ড০ চি নাৰায়ণ ৰেড্ডী ৰাষ্ট্ৰীয় সাহিত্য বঁটা আগবঢ়োৱা হৈছে। জ্ঞানপীঠ বঁটা বিজয়ী, পদ্মভূষণ সন্মানেৰে সন্মানিত . তেলেগু ভাষাৰ বিখ্যাত কবি, সাহিত্যিক ড০ চি নাৰায়ণ ৰেড্ডীৰ সোঁৱৰণত আগবঢ়োৱা এই বঁটা লাভ কৰা নীলিম কুমাৰ প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে জ্ঞানপীঠ বঁটা বিজয়ী ড° চন্দ্ৰশেখৰ কাম্বাৰ, ড° প্ৰতিভা ৰায়, শিৱকুমাৰী আৰু বিখ্যাত কবি গীতিকাৰ জাভেদ আখতাৰে এই বঁটা লাভ কৰিছিল। এই বঁটাত আছে স্মাৰক, এখন অংগবস্ত্ৰ, প্ৰশস্তিপত্ৰ আৰু ৫ লাখ টকা।